Thursday, November 7, 2024
Homeৰাশিফলকোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

কোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

মেষ ৰাশি
আজি আপোনাৰ কাষত বহুত উৰ্জা অথবা শক্তি থাকিব কিন্তু কামৰ অধিক হেচাঁই অপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। আপুনি সেই যোজনা সমূহত বিনিয়োগ কৰাৰ আগত দুই বাৰ চিন্তা কৰক ,যিবোৰ আজি আপুনি দেখিছে। বিবাহ উপযুক্ত যুৱকৰ বিবাহ সম্বন্ধ ঠিক হব পাৰে। ব্যক্তিগত দিকদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। কিছুমাান মানুহক অফিচত উন্নতি প্ৰাপ্ত হব। এনেকুুৱা মানুহৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক যি আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠাত আঘাত দিব পাৰে। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হব ।

 

বৃষ ৰাশি
মনখুলি হাঁহক কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তু সমূহে ক্ৰয় কৰক। জীৱন সংগী আপোনাৰ বহুত যত্ন লব। আপোনাৰ জীৱনত প্ৰেমৰ লহৰ আহিব পাৰে , আপুনি অকল সতৰ্ক থকাৰ হে প্ৰয়োজন কাৰণ কোন কেতিয়া আহিব আপুনি নাজনিবও পাৰে। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হব। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱা শিকক। আপুনি পৃথিৱীত নিজকে সকলোতকৈ অধিক সম্পত্তি শালী বুলি আজি অনুভৱ কৰিব, কাৰণ আপোনাৰ জীৱন সংগীৰ ব্যৱহাৰে আপোনাক এই অনুভৱ কৰাব।

 

মিথুন ৰাশি
আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। যিসকল লোকে নিজৰ ষষ্ঠ ইন্দ্ৰীয়ক নিয়ন্ত্ৰন কৰিব নোৱাৰি ইমান দিনে পইচা উৰুৱাই আছিল সিহতে নিজকে নিয়ন্ত্ৰন কৰাটো অত্যন্ত প্ৰয়োজনীয়। অফিচত কাম -কাজ অধিক হৈ থকা বাবে আপুনি আপোনাৰ জীৱন সংগীৰ লগত অধিক সময় অতিবাহিত কৰিব নোৱাৰিব ,যাৰ ফলত ঘৰৰ পৰিৱেশ হতাশাগ্ৰস্থ হোৱাৰ সম্ভাৱনা আছে আপোনাৰ বভাগৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱন সংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি বেলেগৰ ওপৰত কামৰ চাপ অধিক দিব তেন্তে তেখেত সকল আপোনাক খঙ কৰিব পাৰে , সেইবাবে যিকোনো নিৰ্ণয় লোৱাৰ আগতে প্ৰয়োজনক বুজিব চেষ্টা কৰিব । মনৰ নিকটতম মানুহকেইজনৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু আপুনি এইটো কামত অসক্ষম হব। জীৱন সংগীৰ আত্মীয়ৰ হস্তক্ষেপে আপোনালোকৰ বৈবাহিক জীৱনত সন্তুলন বেয়া কৰি দিব পাৰে।

 

কৰ্কট ৰাশি
যিকোনো ধৰণৰ দ্বন্দ অথবা কাজিয়াৰ পৰা দূৰত থাকক কাৰণ এইটোয়ে আপোনাৰ বেমাৰ অধিক কৰিব পাৰে। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পুৰ্ণ সম্ভৱনা আছে। যাৰ লগত আপুনি থাকে ,তেখেতৰ লগত বাদ-বিবাদ কৰাৰ পৰা বিৰত থাকক,যদি কোনো সমস্যা আছে তেন্তে সেই বিষয় শান্তিৰে আলোচনা কৰি সমাধান কৰক। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত কৰোবাত ফুৰিব গৈ ,লগতে ৰোমাণ্টিক ভাৱে ৰাতিৰ আহৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। এই ৰাশিৰ জাতক সকল কৰ্মক্ষেত্ৰত লগাত কৈ অধিক কথা কোৱাৰ পৰা বিৰত থাকক নহলে আপোনাৰ ছবিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব ।এই ৰাশিৰ ব্যৱসায়ীসকলক পূৰণা বিনিয়োগৰ বাবে লোকচান হব পাৰে। নিজৰ মনত নিয়ন্ত্ৰণ কৰা শিকক কিয়নো বহু সময়ত আপোনাৰ মনৰ শুনি আপুনি নিজৰ মূল্যৱান সময় নষ্ট কৰি দিয়ে। আপুনিও আজি এনেকুৱা কিবা কৰিব পাৰে। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব,আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে।

 

সিংহ ৰাশি
কিছুুমান এনেকুৱা ঘটনা আপোনাৰ সমস্যাৰ কাৰণ হৈ উঠিব পাৰে,যিবোৰ আপুনি বিচাৰিলেও সমাপ্ত কৰিব নোৱাৰিব। কিন্তু আপুনি নিজকে শান্ত কৰি ৰাখক অৰু পৰিস্থিতিৰ লগত সন্মুখীন হব’লৈ সোনকালে প্ৰতিক্ৰিয়া নকৰিব। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলা-প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। নতুন ৰোমাঞ্চৰ প্ৰবল সম্ভাৱনা আছে ,প্ৰেমঅৰ সুগন্ধিত ফুল আপোনাৰ জীৱনত অতি সোনকালে ফুলিব পাৰে। আপোনাৰ বায়োডটা অথবা ইণ্টাৰভিউ দিয়াৰ বাবে এয়াই ভাল সময়। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। বৈবাহিক জীৱনক অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হব ।

 

কন্যা ৰাশি
আপোনাৰ ৰুক্ষ স্বভাৱে আপোনাৰ বন্ধু বৰ্গৰ মাজত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। ঘৰৰ প্ৰয়োজনীয় বস্তুৰ ওপৰত আপোনাৰ আজি ধন খৰচ হব যাৰ ফলত আৰ্থিক সমস্যতো নিশ্চয় হব কিন্তু আজিৰ এই খৰচে আপোনাক ভৱিষ্যতত হবলগা সমস্যাৰ পৰা ৰেহাই দিব। আপুনি চিন্তামুক্ত হৈ আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ মাজত আনন্দৰ মুহূৰ্ত বিচাৰি প্ৰয়োজন আছে। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে-যদি আপুনি নিজৰ সমাজত উঠা- বহা কৰে। যদি আপুনি বিশ্বাস কৰে যে সময় অমূল্য ধন তেন্তে আপুনি প্ৰয়োজনীয় পদক্ষেপ লৈ নিজৰ উচ্চতম আকাংক্ষাক আহৰণ কৰা উচিত। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামত সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ’ব পাৰে। ৰোমাণ্টিক গান , সুগন্ধি মমবাতি , ভাল খোৱা বস্তু আৰু পানীয় আজি এইবোৰেই অপোনাৰ জীৱন লগৰীৰ লগত কটওৱা সময়ত ৰহন সানিব।

 

তুলা ৰাশি
আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত অথবা পল লৈ আহিব। এই ৰাশিৰ কিছুমান লোকৰ আজি সন্তানৰ পৰা আৰ্থিক লাভ হোৱাৰ আশা আছে। আজি আপুনি নিজৰ সন্তানক লৈ বাৰুকৈয়ে গৌৰভ অনুভৱ কৰিব। আপোনাৰ মা-দেউতাৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডে আপোনাক প্ৰতাৰণা কৰিব পাৰে। অফিচত হোৱা পৰিৱৰ্তনে আপোনাক অৱশেষত লাভ কৰাত সহায় কৰিব। ঘৰৰ সৰুবোৰৰ লগত ক্থা পাতি আজি আপুনি নিজৰ অৱসৰ সময় খিনি খুব ভালকৈয়ে ব্যৱহাৰ কৰিব। আপোনাৰ জীৱন সংগীৰ বাবে আপুনি আজি মানসিক অশান্তিৰ সন্মুখীন হব পাৰে।

 

বৃশ্চিক ৰাশি
ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব, লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক,এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ’ব। আৰ্থিক দিশত শুধৰণি হোৱাৰ বাবে প্ৰয়োজনীয় বস্তু কিনাত সুবিধা হব। আপোনাৰ সন্তানৰ বাবে কিছু বিশেষ যোজনা বনাওক,সুনিশ্চিত কৰক যে আপোনাৰ যোজনা যথাৰ্থ বাদী হয় আৰু সিহঁতক যাতে আপুনি বাস্তৱত ৰূপায়িত কৰিব পাৰে। আহিব লগা সময় এই উপহাৰৰ বাবে আপোনাক সদায় মনত ৰাখিব। ৰোমাঞ্চৰ ফালেদি আজি আপোনাৰ জীৱনত বহুত জটিলতা নামি আহিব। আপুনি ভাৱি থকাতকৈ আপোনাৰ জীৱনত এনেকুৱা বহুত ঘটনা ঘটিছে যিবোৰ আপুনি কল্পনাও কৰা নাছিল। আহিবলগা দিন বোৰত আপোনাৰ হাতত বহুত এনে ভাল সুযোগ আহিব। নিজৰ সময় আৰু উৰ্জা অন্যৰ সহায় কৰাত লগাওক ,কিন্তু এনেকুৱা বিষয় সমূহৰ পৰা দূৰত থাকক যাৰ লগত আপোনাৰ লগত কোনো সম্বন্ধ নাই। আপুনি নিজৰ বৈবাহিক জীৱন নিৰাশাজনক বুলি অনুভৱ কৰিব পাৰে ,সেয়ে সময় থাকোতেই কিবা নতুনত্ব আনিব চেষ্টা কৰক।

 

ধনু ৰাশি
হাহিঁমুখীয়া আত্মীয়বোৰৰ লগত সময় অতিবাহিত কৰিলে আপোনাৰ হতাশা কম হ’ব আৰু আপোনাক বহুত আৰাম দিব । আপুনি বহুত ভাগ্যৱান যে আপোনাৰ এনেকুৱা আত্মীয় আছে। যিসকল লোকে নিজৰ ষষ্ঠ ইন্দ্ৰীয়ক নিয়ন্ত্ৰন কৰিব নোৱাৰি ইমান দিনে পইচা উৰুৱাই আছিল সিহতে নিজকে নিয়ন্ত্ৰন কৰাটো অত্যন্ত প্ৰয়োজনীয়। আপোনাৰ বন্ধু বহুত সহায়কাৰী আৰু সহযোগী হব। আপুনি কাৰোবাৰ লগত কৰোবাত ঘুৰিব -ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। ভালকৈ পঢ়ি নাচাই যিকোনো ব্যৱসায়িক অথবা আইনী দলিলত চহী নকৰিব। আজি ঘৰত কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহ আপোনাৰ ওপৰত খং কৰিব পাৰে।ইয়াৰ পিছত ঘৰৰ মানুহক মনাওতে বহুত সময় লাগি যাব পাৰে। আজিৰ দিন হল উন্মাদ হৈ যোৱাৰ ,কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব।

 

মকৰ ৰাশি
নিজৰ ওপৰত এটা সীমাৰ ওপৰত আৰু হেচা প্ৰয়োগ নকৰিব আৰু পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম গ্ৰহণ কৰক। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। সন্ধিয়াৰ সময়খিনি বন্ধুৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আটাইতকৈ ভাল সময় ,লগতে অৱসৰৰ দিনকেটাৰ বাবে কিছু যোজনাও বনিব পাৰে। আপোনাৰ সাক্ষাত এনে বন্ধুৰ লগত হব ,যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। ব্যৱসাায়ত যিকোনো চল-চাতুৰীৰ পৰা বাচি থাকিবলৈ হলে আপুনি চকু -কাণ খুলি ৰাখক অৰ্থাত সাৱধানে থাকক। যাত্ৰা আপোনাৰ বাবে বহুত আনন্দদায়ক আৰু লাভদায়ক বুলি প্ৰমাণিত হব। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষিকৰণ কৰিব পাৰে ,আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰে।

 

কুম্ভ ৰাশি
অধিক যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে। যদি আপুনি ছাত্ৰ হয় আৰু বিদেশত গৈ পঢ়া শুনা কৰিব বিচাৰিছে তেন্তে আপোনাৰ ঘৰৰ আৰ্থিক সংকটে আপোনাৰ ভাগ্য বিষম কৰিব পাৰে। আত্মীয় আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাবৰ চেষ্টা কৰিব , সাৱধানে থাকক নহ’লে পিছত গৈ আপুনি ঠগ খোৱাৰ দৰে অনুভৱ কৰিব। উদাৰতা এটা সীমা লৈ ভাল কিন্তু যদি এই সীমা পাৰ কৰিব লাগে তেন্তে সমস্যাৰ সৃষ্টি হব পাৰে। আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব গ’লে জীৱনটোক উদযাপন কৰি সময় বোৰ অতিবাহিত কৰক। কাম-কাজৰ বিষয় সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতাৰ ব্যৱহাৰ কৰিব। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে কব পাৰি যে আজিৰ দিন টো আপোনাৰ বহুত ভাল যাব তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়।

 

মীন ৰাশি
কামৰ মাজঅত অলপ বিশ্ৰাম লোৱাৰ চেষ্টা কৰক আৰু বহু ৰাতি কাম কৰাৰ পৰা বিৰত থাকক। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘুৰাই নিদিয়ে। আপোনাৰ সন্তান আজি এক ৰোমাঞ্চকৰ খবৰ আনিব পাৰে। আপোনাৰ প্ৰিয়জন আজি খুব ধুনীয়াভাৱে এক পৰিকল্পনা কৰি আপোনাক বিশেষ অনুভৱ কৰাব পাৰে। আপোনাৰ সকলোকে একেলগে লৈ আগ বঢ়াৰ ক্ষমতা আৰু সঠিক বিশ্লেষণৰ দক্ষতা অন্যই ভূয়সী প্ৰশংসা কৰিব আজি আপুনি অফিচৰ কামখিনি সময়ত শেষ কৰিব চেষ্টা কৰিব লাগে । মনত ৰাখিব যে ঘৰত কোনোবাই আপোনাৰ বাবে অপেক্ষা কৰি আছে। জীৱন সংগীৰ লগত প্ৰেম, হাঁহি-ধেমালি ,আত্মীয়তা ইত্যাদিৰে আজিৰ দিনটো স্মৰণীয় হৈ ৰব।

 

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments