ডিজিটেল ডেস্ক, ১জুন: অহা ৪ জুনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ ভোট গণনা প্ৰক্ৰিয়াত নিয়োজিত বিষয়া-কৰ্মচাৰী সকলৰ যাৱতীয় প্ৰশিক্ষণৰ আজি অন্ত পৰে । প্ৰশিক্ষণৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত তথা গুৱাহাটী লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া সুমিত ছাত্তাৱানে ভোট গণনাত নিয়োজিত প্ৰতি গৰাকী বিষয়া-কৰ্মচাৰীকে নিজৰ দায়িত্ব তথা কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় ।
উল্লেখযোগ্য যে যোৱা ২৭ মে’ৰ পৰা দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰ আৰু জিলা আয়ুক্তৰ সভাকক্ষত আয়োজিত এই প্ৰশিক্ষণত ভোট গণনা প্ৰক্ৰিয়াত জড়িত গণনা তত্বাৱধায়ক, গণনা সহায়ক, মাইক্ৰ অৱজাৰভাৰ , পোষ্টেল বেলট গণনাকাৰীৰ লগতে টেবুলেচন আৰু কম্পাইলচনত জড়িত সকলক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হয় । আজিৰ অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত অজিত শৰ্মাসহ জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিষয়া -কৰ্মচাৰীসকল উপস্থিত থাকে ।