Monday, July 7, 2025
Homeঅসমঠিকাদাৰ সুনীল গগৈৰ হত্যাৰ ন্যায়িক তদন্ত দাবী আপৰ

ঠিকাদাৰ সুনীল গগৈৰ হত্যাৰ ন্যায়িক তদন্ত দাবী আপৰ

ডিজিটেল ডেস্ক, ৩ জুনঃ ” ঢকুৱাখনাৰ জলজীৱনৰ ঠিকাদাৰ সুনীল গগৈৰ নৃশংস হত্যাকাণ্ডই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিয়ন্ত্ৰণত থকা গৃহদপ্তৰৰ চৰম ব্যৰ্থতা উদঙাই দিছে। ঢকুৱাখনা মহকুমাৰ নাহৰণি পথাৰত ঘিলামৰা জলজীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈয়ে কিছুদিনৰ পূৰ্বে এগৰাকী দুৰ্নীতিগ্ৰস্ত অভিযন্তাক ভিজিলেঞ্চৰ হাতত ধৰাই দিছিল। সেইবাবেই তেওঁ এনে জঘন্য হত্যাকাণ্ডৰ বলি হোৱা বুলি সন্দেহ কৰা হৈছে। ”

আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে ঢকুৱাখনাৰ এই জঘন্য হত্যাকাণ্ডৰ তদন্তৰ দাবী জনায় আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে । প্ৰেছ বিজ্ঞপ্তিত ডাঃ চৌধুৰীয়ে কয়,” বৰ্তমান বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত ৰাজ্যখনৰ সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নিজেই গৃহ দপ্তৰৰ দায়িত্বত আছে। মুখ্যমন্ত্ৰী আৰু তেওঁৰ গৃহ দপ্তৰে সাধাৰণ নাগৰিকৰ জীৱন জীৱিকাৰ নিৰাপত্তা প্ৰদানত চৰকাৰৰ ব্যৰ্থতাৰ উপৰি ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতিৰ ক্ষেত্ৰত নৈতিক দায়িত্ব অস্বীকাৰ কৰিব নোৱাৰে।

” আম আদমী পাৰ্টিৰ অসম ৰাজ্যিক সমিতিয়ে জলজীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈৰ হত্যাৰ ন্যায়িক তদন্তৰ দাবী কৰে। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰি অপৰাধীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আপৰ ৰাজ্যিক সভাপতি গৰাকীয়ে চৰকাৰক দাবী জনায়। নিহত ঠিকাদাৰ সুনীল গগৈৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ লগতে পৰিয়ালৰ লোকৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈও আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে দাবী জনায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments