ডিজিটেল ডেস্ক, ১১ জুনঃ টকা অবিহনে খোজকাঢ়ি কেদাৰনাথ, বৃন্দাবন আৰু নেপাল ভ্ৰমণৰ লক্ষ্যৰে ডেৰ বছৰীয়া পদযাত্ৰা ভাতৃ-ভগ্নীৰ । ২০ মে’ৰ পৰা লখিমপুৰৰ ঘিলামাৰাৰ পৰা আৰম্ভ কৰিছে পদযাত্ৰা । জীৱনটোত আনে নকৰা কিবা এটা কৰাৰ মানসিকতা দুৰ্বাৰ হেঁপাহ জিন্তু বৰুৱা আৰু দীপিকা চুতিয়াৰ ।
কেইবাটাও উদ্দেশ্য লৈ আৰম্ভ কৰা যাত্ৰাত যথেষ্ট সহাৰি ৰাইজৰ । পৰিৱেশ প্ৰদূষণ, খোজ কাঢ়ি যাত্ৰা আৰম্ভ কৰা, জৰুৰীকালীন সেৱাৰ বাহিৰে যান বাহন চলোৱা বন্ধ কৰা, উৎকট গৰমৰ পৰা ৰক্ষা পাবৰ বাবে গছ-গছনি ৰোপন কৰাৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে ভাতৃ ভগ্নীয়ে । গোটেই দিনটো খোজ কাঢ়ি নিশাৰ ভাগত আশ্ৰয় লয় জিৰণি লয় পুলিচ থানা আৰু পেট্ৰ’ল পাম্পত ।