Saturday, March 14, 2026
Homeঅসমগোৱালপাৰাত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ কৰ্মশালা

গোৱালপাৰাত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ কৰ্মশালা

দুধনৈ, ২৮জুন: কৰ্মশালাত আইনী সেৱা কোষৰ লগতে গোৱালপাৰা আৰক্ষী, শিশু সুৰক্ষা, শ্ৰম, শিক্ষা , পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ অংশ গ্ৰহণ

আজি গোৱালপাৰা জিলা সমাজ কল্যাণ বিভাগৰ তত্ত্বাৱধানত সমাজৰ এক গুৰুতৰ সমস্যা – শিশুৰ অবৈধ সৰবৰাহ সমস্যা আৰু ইয়াৰ সমাধানৰ উপায় সমূহ আলোচনা কৰাৰ বাবে এখনি কৰ্মশালা অনুষ্ঠিত হয়। গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত – “Campaign on Preventing and Combating Child Trafficking ” — শীৰ্ষক কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য শ্ৰী ফণীন্দ্ৰ বুজৰবৰুৱা আৰু শ্ৰীমতী ৰিলাঞ্জনা তালুকদাৰে ।

কৰ্মশালাখনিত সমল ব্যক্তি শ্ৰী ফণীদ্ৰ বুজৰবৰুৱাই উল্লেখ কৰে যে – শিশুৰ অবৈধ সৰবৰাহ হোৱাৰ ক্ষেত্ৰত দেশৰ ৩৭০ খন জিলা স্পৰ্শকাতৰ হৈ আছে আৰু ইয়াৰ ভিতৰত অসমৰ ১৫ খন জিলাও অন্তৰ্ভুক্ত হৈ আছে। য’ত শিশুৰ অবৈধ সৰবৰাহ হোৱাৰ লগতে বাল্য বিবাহ, শিশু শ্ৰমিক নিয়োগ আদিৰ তথ্য পোহৰলৈ আহিছে। অসমৰ পৰা এই সমস্যাসমূহ নোহোৱা কৰি প্ৰতি গৰাকী শিশুকে নিজৰ অধিকাৰৰ পৰা বঞ্চিত নোহোৱাকৈ ৰখা আৰু শিশু সকলক এক সুৰক্ষিত জীৱন যাপন কৰিবলৈ সুস্থ পৰিৱেশ গঢ়ি তোলাৰ বাবে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে ( Assam State Commission for Protection of Child Right ) অহৰহভাৱে কাম কৰি আহিছে। কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা আয়োগৰ আন এগৰাকী সদস্য শ্ৰীমতী ৰিলাঞ্জণা তালুকদাৰে উল্লেখ কৰে যে – আজি কালি প্ৰায়েই দেখিবলৈ পোৱা ঘৰুৱা হিংসা, পিতৃ-মাতৃৰ মাজৰ কাজিয়া, অবৈধ প্ৰেমৰ বিষম পৰিনতি আদিৰ বাবে শিশুসকল মানসিকভাৱে ভাৰাক্ৰান্ত হৈ থাকে আৰু বহু সময়ত তেনে পৰিস্থিতিত থকা শিশুসকলক মানৱ সৰবৰাহকাৰী দালালচক্ৰই বলপুৰ্বক বা কৌশলেৰে অপহৰণ কৰি ধনৰ বিনিময়ত আন দুষ্ট চক্ৰৰ হাতত গতাই দিয়ে।

কৰ্মশালাখনিত দুয়ো গৰাকী অভিজ্ঞ সমল ব্যক্তিয়ে শিশুৰ অবৈধ সৰবৰাহ সমস্যাটোৰ কাৰক হিচাপে – দৰিদ্ৰতা, শিক্ষা আৰু সজাগতাৰ অভাৱ , বিদ্যালয় এৰা কিশোৰ- কিশোৰী, কম মজুৰিত শিশু শ্ৰমিকৰ ব্যৱহাৰ, যৌন কৰ্মত লিপ্ত কৰোৱা আদিৰ লগতে শেহতীয়াকৈ গা কৰি উঠা মানৱ অংগৰ অবৈধ ব্যৱসায় আদিৰ বিষয়ে কৰ্মশালাখনিত বহল বাখ্যা আগবঢ়ায়।

শিশুৰ এই অবৈধ সৰবৰাহৰ ভয়াবহ সমস্যাটোৰ কবলত পৰি শিশুসকলৰ জীৱন নৰকসদৃশ হৈ পৰে। কোনোৱে যদি অন্ধকাৰ জগতত সোমাই পৰে কোনোবাজন আকৌ চিৰদিনৰ বাবে ঘুণীয়া হৈ পৰে বা মৃত্যুকো আকোৱালি লবলগীয়া হয়। সেয়ে এই ভয়াবহ সামাজিক ব্যাধিটো যেন গা কৰি উঠিব নোৱাৰে বা প্ৰতিটো পৰিয়ালে যেন মৰমৰ শিশুটোক দুষ্ট চক্ৰৰ কবলত পৰাৰ পৰা সুৰক্ষিত অনুভৱ কৰিব পাৰে তাৰ বাবে সমাজৰ সকলো স্তৰতে সজাগতা সৃষ্টি হোৱা প্ৰয়োজন ।
সেয়ে আজিৰ কৰ্মশালাখনিত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ দুয়োগৰাকী সমল ব্যক্তিয়ে গোৱালপাৰা আৰক্ষী, জিলা শিশু সুৰক্ষা বিষয়া, শ্ৰ্ম বিষয়া ,সমাজ কল্যাণ বিভাগ, গাও পঞ্চায়তসমূহৰ সচিব সকল ইত্যাদি আটাইকে শিশুৰ অবৈধ সৰবৰাহকে আদি কৰি শিশুৰ অধিকাৰ যাতে খৰ্ব হৈ নাথাকে তাৰ বাবে আন্তৰিকতাৰে কাম কৰিবলৈ অনুৰোধ জনায় ।

জিলা সমাজ কল্যাণ বিষয়া শ্ৰী এ এম এ হুছেইনে আঁ‌ত ধৰা কৰ্মশালা খনি অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী কল্যাণী কংকনা দাসৰ আদৰণি ভাষণেৰে আৰম্ভ হয়। গোৱালপাৰা আৰক্ষীৰ উপ-অধীক্ষক শ্ৰী কল্পনা দেৱী, জিলা শিশু সুৰক্ষা বিষয়া -শ্ৰী মোস্তাফা হুছেইন, অধিবক্তা শ্ৰী দেৱজিত অধিকাৰী ( Chief, Legal Aid Defence Council) , জিলা শ্ৰম বিষয়া, বিদ্যালয় সমূহৰ পৰিদৰ্শককে আদি কৰি কৰ্মশালাখনিত খণ্ড উন্নয়ন বিষয়া / সহকাৰী বিষয়াসকল, গাঁ‌ও পঞ্চায়তসমূহৰ সচিবসকলে অংশ গ্ৰহণ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments