Saturday, March 14, 2026
Homeঅসমঅনা চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰে গোলাঘাটত বৃহৎ কেলেংকাৰী

অনা চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰে গোলাঘাটত বৃহৎ কেলেংকাৰী

গোলাঘাট,২৯ জুনঃ অনা চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক জালিয়াতিৰে চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদানেৰে মেডিকেলৰ এম,বি,বি,এছ আৰু বি,ডি,এছ পাঠ্যক্ৰমৰ সংৰক্ষিত আসন দখলৰ বৃহৎ কেলেংকাৰী অসম চাহ জনজাতি ছাত্ৰ সন্থাই গোলাঘাটত উন্মোচিত কৰাৰ পাচত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত সংবাদ মাধ্যমত স-বিস্তাৰে প্ৰকাশ পোৱাৰ পাচত চাহ জনজাতি সন্মিলন,অসমৰ সভাপতি পৃথ্বী মাঝিয়ে আজি এক নিৰ্দেশ যোগে চাহ জনজাতি সন্মিলন,অসমৰ গোলাঘাট জিলাৰ অধ্যক্ষ মুনীন গৌতম চাওৰাক তৎকালিনভাৱে বলবৎ হোৱাকৈ পদবীৰ পৰা অপসাৰণ কৰিছে ।

সংগঠনটোৰ গুৱাহাটী ৰূপ নগৰস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে গোলাঘাট জিলাৰ অধ্যক্ষ মুনীন গৌতম চাওৰাক অপসাৰিত কৰা হৈছে ।‌উল্লেখ্য যে অসম চাহ মজদূৰ সংঘ, গোলাঘাট শাখাৰ সভাপতি পৱিত্ৰ জালৰ সহযোগত বহুকেইজন অনা চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰাৰ পাচত মেডিকেলৰ এম,বি,বি,এছ আৰু বি,ডি,এছত চাহ জনগোষ্ঠীৰ সংৰক্ষিত আসনত নাম ভৰ্তি কৰি অধ্যয়ন কৰি থাকিবলৈ সক্ষম হোৱাৰ বিস্ফোৰক তথ্য আটছাই সবিস্তাৰে উন্মোচিত কৰে । ইতিমধ্যে আছা , গোলাঘাট শাখা আৰু বৰপথাৰ শাখাই মুনীন গৌতম চাওৰা আৰু পৱিত্ৰ জালৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে ।‌

আটছা, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰাইক, জিলা সমিতিৰ সভাপতি ৰাবুল টুৰি,সাধাৰণ সম্পাদক সুশীল কালান্দী,আটছাৰ গোলাঘাট শাখাৰ সভাপতি সুমিত দীপ,সাধাৰণ সম্পাদক অনুজ কুৰ্মী, বৰপথাৰ শাখাৰ সভাপতি মনোজ মহানন্দ আৰু সাধাৰণ সম্পাদক অতুল ভূমিজে নিলম্বনৰ নিৰ্দেশক আদৰণি জনাইছে । অৱশ্যে তেওঁলোকে কয় যে, সমগ্ৰ কেলেংকাৰীটোৰ উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত হোৱা উচিত । নিৰপেক্ষ তদন্তৰ স্বাৰ্থত অভিযুক্ত মুনীন গৌতম চাওৰা আৰু পৱিত্ৰ জালক আৰক্ষী থানাত পঞ্জীয়ন হোৱা গোচৰৰ ভিত্তিত শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনাইছে আটছাই।‌ এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীকো তেওঁলোকে হস্তক্ষেপৰ মুকলি আহ্বান জনাইছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments