মেষ ৰাশি ফলাফল
ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব ধন আপোনাৰ বাবে আৱশ্যকীয় কিন্ত পইচাৰ মোহত নিজৰ মানুহ বোৰৰ লগত সম্পৰ্ক তিক্ত কৰি নেপেলাব। সৰু ভাই-ভনী আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। অতীতৰ মিঠা স্মৃতিয়ে আপোনাৰ আজি দিনটো ব্যস্ত ৰাখিব। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। আজি সম্ভৱপৰ হব পাৰে যে আপুনি আৰু আপোনাৰ জীৱন লগৰী আজি বহুত খৰছ কৰিব পাৰে ,তদুপৰি আপুনি এই সময়খিনিৰ ভাল কৈয়ে মজা ল’ব পাৰিব।
বৃষ ৰাশি ফলাফল
খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে-যি আপোনাক আৰ্থিক লাভ দিব পাৰে। যিমান আপুনি ভাৱি আছিল,আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হব। প্ৰেমৰ দিশেদি চাব গ’লে আজিৰ দিনটো অলপ কষ্টকৰ হব। সতেজ অনুভৱ কৰিবৰ বাবে আৰু মনোৰঞ্জনৰ বাবে আজি এক বঢ়িয়া দিন ,কিন্তু যদি আপুনি আজি কাম কৰি আছে তেন্তে ব্যৱসায়িক লেন্ন-দেন সাৱধানেৰে কৰক। নিজৰ মনত নিয়ন্ত্ৰণ কৰা শিকক কিয়নো বহু সময়ত আপোনাৰ মনৰ শুনি আপুনি নিজৰ মূল্যৱান সময় নষ্ট কৰি দিয়ে। আপুনিও আজি এনেকুৱা কিবা কৰিব পাৰে। আপোনাৰ ব্যযস্ত দিনযোৰাৰ বাবে আপোনাৰ জীৱন সংগী আজি নিজকে আপোনাৰ জীৱনত গুৰুত্বহীন বুলি ভাৱিব পাৰে আৰু তেখেত এই বিষয় সন্ধিয়া আপোনাক প্ৰকাশ কৰিব পাৰে।
মিথুন ৰাশি ফলাফল
বহুত কিবাকিবি আপোনাৰ ওপৰত ভৰষা কৰি আছে আৰু নিৰ্ণয় ল’ব বাবে স্পষ্ট চিন্তা ধাৰা আৱশ্যকীয়। যদি আপুনি নিজৰ আয়ত বৃদ্ধিৰ বাবে নতুন উৎস বিচাৰি আছে ,তেনেতে সুৰক্ষিত আৰ্থিক পৰিযোজনা সমূহত নিৱেশ অথবা বিনিয়োগ কৰক। নিজৰ কিছু সময় বেলেগক দিয়াৰ বাবে এইটো খুব ভাল সময়। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। নতুনকৈ আৰম্ভ কৰা পৰিযোজনা আশা কৰামতে পৰিণাম নিদিব। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময়ত আনন্দ উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব ।
কৰ্কট ৰাশি ফলাফল
সন্তান আপোনাৰ মতে নচলিব যাৰ বাবে আপুনি খঙাল হৈ যাব পাৰে। আপোনাক নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত,কাৰণ খঙ সকলোৰে বাবে হানিকাৰক আৰু ই বুজিবৰ ক্ষমতাক শেষ কৰি দিয়ে, অকল সমস্যা বাঢ়ি যায়। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাতো সক্ষম হব। যাক আপুনি বহুত বিশ্বাস কৰে ,তেখেত আপোনাক পূৰ্ণ সত্যৰ ঊমান নিদিয়াৰ সম্ভাৱনা আছে। আপোনাৰ অন্যক পতিয়ন নিয়াব পৰা ক্ষমতা আহিব লগা বহুত সমস্যাৰ সমাধান উলিওয়াত সক্ষম হব। প্ৰেমৰ দিশৰ পৰা আজি এক লেখত লবলগীয়া দিন, আপোনাৰ প্ৰিয়জন আপোনাৰ সকলো কল্পনা বাস্তৱত পৰিণত কৰিবৰ বাবে আজি সম্পূৰ্ণ ৰূপে তৈয়াৰ। আজি আপোনাৰ লাভ হব পাৰে ,যদিহে আপুনি একাগ্ৰতাৰে নিজৰ চিন্তা ধাৰা সমূহ প্ৰকাশ কৰিব পাৰে আৰু কামত এক উৎসাহৰ নিদৰ্শন দিব পাৰে। টিভি আৰু মোবাইলৰ ব্যৱহাৰ ভুল নহয় কিন্তু প্ৰয়োজনতকৈ অধিক ব্যৱহাৰ আপোনাৰ জৰুৰী সময় নষ্ট কৰিব পাৰে। আপুনি জীৱন লগৰীৰ পৰা আজি কিবা ধুনীয়া বিশেষ উপহাৰ লাভ কৰিব পাৰে।
সিংহ ৰাশি ফলাফল
যেতিয়া স্বাস্থ্যৰ লগত জড়িত যিকোনো সমস্যা হওক সেই সমস্যাক অৱহেলা কৰিব নালাগে আৰু সাৱধানতা বৰ্তাই চলক। আপোনাৰ ধন তেতিয়া হে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব , এই কথা টো ভাল দৰে জানি লওক নহলে আহিব লগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হব পাৰে। পৰিয়ালত এক নতুন সদস্যৰ অহাৰ খবৰে আপোনাক নথৈ আনন্দিত কৰি তুলিব ,সমাৰোহ আয়োজিত কৰি আপুনি এই সুখৰ বতৰা সকলোৰে লগত ভগাব বিচাৰিব। অপোনাৰ প্ৰিয়জন আজি বহুত বিৰক্তিত অনুভৱ কৰিব ,যি আপোনাৰ মগজুত অধিক চাপ প্ৰয়োগ কৰিব। অফিচত প্ৰত্যেক ব্যক্তিয়ে আজি আপোনাক গম্ভীৰতাৰে শুনিব। আপোনাৰ ওচৰত সময় পৰ্যাপ্ত পৰিমাণে থাকিব কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব। অনাকাংক্ষিত ভাৱে অহা অতিথিৰ বাবে আপোনাৰ কিছু পৰিকল্পিত যোজনাত কিছু গণ্ডগোল হব পাৰে, কিন্তু যি কি নহওক আপোনাৰ দিন এনেও বহুত ভাল ভাৱে অতিবাহিত হ’ব।
কন্যা ৰাশি ফলাফল
অসহজ হোৱা স্বভাৱটোয়ে আপোনাক মানসিক অশান্তি দিব পাৰে,কিন্তু কোনোবা বন্ধু আপোনাৰ সমস্যাৰ সমাধান উলিয়াওঁতে আপোনাক বহুত সহায় কৰিব । হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ শ্ৰুতি মধুৰ সংগীতৰ সহায় লওক । সন্তানৰ বাবে অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। আপোনাাৰ বন্ধুৰ উদাৰ ভাৱৰ ভুল ব্যৱহাৰ নকৰিব। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। বন্ধু আপোনাক প্ৰশংসা দি ডুবাই দিব কাৰণ আপুনি এটা বহুত জটিল কাম সম্পূৰ্ণ কৰাত সফল হব। প্ৰেমাস্পদক সময় দিব চেষ্টা কৰিব কিন্তু লাগতিয়াল কাম এটা আহি পৰাত আপুনি এই পৰিকল্পনাত সফল হব নোৱাৰিব। চকুয়ে মনৰ কথা সকলো ব্যক্ত কৰি দিয়ে । এই দিনটো আপোনাৰ জীৱন সংগীৰ লগত এই ভাষাতে কথা পতাৰ দিন।
তুলা ৰাশি ফলাফল
আপোনাৰ দয়াবান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ , অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। আজি আপোনাৰ সহোদৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহতঁৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে যদিও অৱস্থা সোনকালে ভাললৈ আহিব। ঘৰৰ কোনো এজন সদস্যৰ ব্যৱহাৰৰ কাৰণে আপুনি চিন্তিত থাকিব । আপুনি তেখেতৰ লগত কথা পাতিব লাগে। আপোনাৰ চকু উজ্বল হব আৰু কলিজা বহুত জোৰকৈ ধপধপাব ধৰিব যেতিয়া আপুনি নিজৰ সপোনৰ ৰাজকুমাৰীক প্ৰথম লগ পাব। এইটো তেনেকুৱা ভাল লগা দিন বোৰৰ এটা দিন যিদিনা আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ভাল অনুভৱ হব । আজি আপোনাৰ সহকৰ্মী আপোনাৰ কামৰ প্ৰশংসা কৰিব আৰু আপোনাৰ ওপৰ বিষয়াও আপোনাৰ কামত বহুত সুখী হব। ব্যৱসায়ী সকলোৰো আজি ব্যৱসায়ত লাভ ৰ যোগ আছে। আজি দিনত কিছুমান বন্ধু আপোনাৰ ঘৰত আহিব পাৰে আৰু সিহতঁৰ লগত আপুনি সময় অতিবাহিত কৰিব পাৰে, অৱশ্যে আপুনি মদ,চিগাৰেট এইবোৰৰ পৰা দুৰত থকাটোয়ে ভাল হ’ব। আপোনাৰ জীৱন সংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে।
বৃশ্চিক ৰাশি ফলাফল
খেল অথবা অন্য বাহিৰা গতিবিধি সমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি পুনৰ ঘুৰাই পাব। এই ৰাশিৰ লোক সকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ললে ঘুৰাই দিব নিবিচাৰে। আপোনাৰ ব্যক্তিগত জীৱনত কিছুমান মহত্বপূৰ্ণ ঘটনা ঘটিত হব যি আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে প্ৰসন্নতা লৈ আহিব। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। কাম-কাজ ভাল চলি থকাৰ বাবে আপুনি আজি প্ৰশংসা লাভ কৰিব। আজি টিভি বা মোবাইলত চিনেমা চাওঁতে ইমানেই ব্যস্ত হৈ যাব যে জৰুৰী কাম কৰিবও পাহৰি যাব। আজি আপুনি নিজৰ জীৱন সংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে।
ধনু ৰাশি ফলাফল
আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হ’ব লগীয়া হ’ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচাৰ বেগ হেৰুৱাৰ সম্ভাৱনা আছে,এনেকুৱা বিষয়ত সাৱধানতাৰ অলপ ঊনৈছ বিছে আপোনাৰ ক্ষতি কৰিব পাৰে, আপোনাৰ ঘনিষ্ঠ লোক সমূহে আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। হঠাৎ প্ৰাপ্ত হোৱা এক সুখদ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। ব্যৱসায়ীৰ বাবে ভাল দিন ,ব্যৱসায়ৰ বাবে হঠাত কৰা যাত্ৰা ধনাত্ম পৰিণাম দিব। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল আজি সিহতঁ নিজৰ বাবে অলপ সময় মিলাব পাৰিব। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা ,কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব।
মকৰ ৰাশি ফলাফল
খোৱা-লোৱাৰ এনেকুৱা বস্তুৰ পৰা বাচি থাকিবৰ পৰা চেষ্টা কৰক,যিবোৰত কলেষ্ট্ৰলৰ মাত্ৰা অধিক থাকে । বেংকৰ লগত জড়িত লেন দেন সমূহত বহুত সাৱধান হোৱাৰ দৰকাৰ আছে। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক ,সিহতৰ সুখ দুখৰ অংশীদাৰ হওক যাতে সিহতে অনুভৱ কৰে যে আপুনি সচাকৈয়ে সিহতক নিজৰ জীৱনৰ এক গুৰুত্বপুৰ্ণ অংগ বুলি ভাৱে। আজিৰ দিনটো প্ৰেমৰ ৰংত ৰঙীন হব কিন্তু ৰাতিৰ সময়ত পুৰণি কথা লৈ আপোনালোকৰ কাজিয়া হব পাৰে। মহিলা সহকৰ্মী বহুত সহায় কৰিব আৰু বহুত দিনৰ পৰা ৰৈ থকা কাম ভাল কৈ সম্পূৰ্ণ কৰাত আপোনাক সহায় কৰিব। আজি খালী সময়ত আপুনি নিজৰ পচন্দ মতে কাম কৰিব বিচাৰিব কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। আজিৰ দিনটো প্ৰকৃততে খুবেই ৰোমাণ্টিক , ভাল ভাল খোৱা বস্তু, ধুনীয়া সুগন্ধি আৰু সুখী বাতাবৰণৰ জৰিয়তে আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত এটা ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব।
কুম্ভ ৰাশি ফলাফল
আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বটৰা কৰে । কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হব পাৰে। এই ৰাশিৰ যিসকল লোক বিদেশত ব্যবসায় কৰে ভাল পৰিমাণৰ অৰ্থ লাভ হব পাৰে। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। অধিক যাত্ৰাই আপোনাৰ ৰোমাণ্টিক সম্বন্ধক অধিক বঢ়াই তুলিব। আপুনি সফলতা নিশ্চয় লাভ কৰিব, অকল এটা এটা জৰি গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ আৱশ্যক। আজি আপোনাৰ ওচৰত মন পচন্দৰ লোক সকলক লগ কৰিবৰ বাবে আৰু নিজৰ মনোকামনা সমূহ পূৰণ কৰিবলৈ পৰ্যাপ্ত সময় আছে। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱন সংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে।
মীন ৰাশি ফলাফল
যেতিয়া স্বাস্থ্যৰ লগত জড়িত যিকোনো সমস্যা হওক সেই সমস্যাক অৱহেলা কৰিব নালাগে আৰু সাৱধানতা বৰ্তাই চলক। আপোনাৰ অতি কাল্পনিক যোজনা সমূহৰ বাবে আপোনাৰ ধন অধিক কমি যাব পাৰে। সন্তানৰ লগত অধিক ৰুক্ষতা ভাৱে ব্যৱহাৰ নকৰিব, নিজকে নিয়ন্ত্ৰিত ৰাখক আৰু এইটো কথা মনত ৰখাৰ প্ৰয়োজন যে এনেকুৱা কৰিলে আপুনি তেখেতৰ আৰু নিজৰ মাজত দেৱাল এখন থিয় কৰাব পাৰে। আপুনি আজি প্ৰেমত এক ঐশ্বৰিক অনুভুতিৰ অনুভৱ কৰিব ,এই অনুভূতিক অনুভৱ কৰিবৰ বাবে অলপ সময় নিজৰ লগত অতিবাহিত কৰক। এনেকুৱা কাম হাতত লওক ,যি সৃজনাত্মক প্ৰকৃতিৰ হওক । আজি আপুনি জীৱনসংগীক ফুৰাব লৈ যোৱাৰ পৰিকল্পনা কৰিব কিন্তু তেখেতৰ গা বেয়া হোৱা বাবে আপোনালোক যাব নোৱাৰিব। এক দীঘলীয়া সময়ৰ পৰা চলি অহা মতভেদ আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজৰ পৰিস্থিতি অধিক জটিল কৰি তুলিব।