Tuesday, July 8, 2025
Homeঅসম২৫ জুলাইত গোলাঘাটত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

২৫ জুলাইত গোলাঘাটত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

 

গোলাঘাট,১৯ জুলাইঃ অসমৰ অন্যতম শক্তিশালী জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ২৩ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অহা ২৫ জুলাইত সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাট নগৰত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব । উক্ত দিনা দিনৰ প্ৰায় ১ বজাত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সংগঠনটোৱে জাতীয় জীৱনৰ বৰেণ্য ব্যক্তি সাদিন, প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ ,ব্ৰেইলী সংস্কৰণৰ প্ৰণেতা জয়ন্ত বৰুৱাক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে প্ৰদান কৰিব ‘জননী গৌৰৱ বঁটা-২০২৪ ।

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে এক প্ৰেছ বিবৃতিযোগে এই কথা প্ৰকাশ কৰে । বিবৃতিটোত লগতে উল্লেখ কৰে যে,অসমৰ সংবাদ ক্ষেত্ৰখনত এক নতুন ধাৰাৰ সৃষ্টি কৰি সুস্থ সাংবাদিকতাৰ নেতৃত্ব বহন কৰি সমাজ জীৱন আৰু জাতীয় জীৱন সমৃদ্ধ কৰাৰ বাবে পুৰোধা জয়ন্ত বৰুৱালৈ জাতীয় সংগঠনটোৰ এই সন্মান । ইয়াৰ উপৰি ব্ৰেইলী সংস্কৰণৰ প্ৰণেতা হিচাপে বিশ্ব অভিলেখ সৃষ্টিৰে তেখেতে যি অভিলেখ গঢ়িলে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তৰফৰ পৰা তেখেতলৈ এই বঁটাৰ জৰিয়তে সন্মান আৰু শ্ৰদ্ধা জনোৱাৰ ই এক সামান্য আন্তৰিক প্ৰয়াস । গোলাঘাট জিলা পুথিভঁৰালত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত এই বঁটা প্ৰদান কৰিব ।

উল্লেখ্য যে, প্ৰতিষ্ঠা দিৱস উপলক্ষে বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰ উক্ত দিনা পুৱা পতাকা উত্তোলন,শ্বহীদ তৰ্পণ আদি কাৰ্যসূচীৰ পাচত মুকলি সভা আৰু জাতীয়-জনগোষ্ঠীয় সমাৰোহত অসমৰ জাতীয়, জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ,বিশিষ্ট লেখক, সাহিত্যিক, বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব । ২৪ জুলাইৰ পুৱা সংগঠনটোৰ ভগ্নী সংগঠন জাতীয়তাবাদী মহিলা পৰিষদ,অসমৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী গোলাঘাট পৌৰ সভা সভা কক্ষত অনুষ্ঠিত হ’ব । প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাৰ লগতে উক্ত দিনা পশ্চিম গোলাঘাট শাখা সাহিত্য সভা আৰু গোলাঘাট কবি সন্মিলনৰ সহযোগত অনুষ্ঠিত হ’ব আমন্ত্ৰিত কবিৰ দ্বাৰা ‘কবি সন্মিলন’ ।

উক্ত অনুষ্ঠানতে গোলাঘাটৰ বহুকেইগৰাকী অগ্ৰনী মহিলাক ‘বিশেষ সম্বৰ্দ্ধনা জনোৱা হ’ব । প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি সংগঠনটোৰ কেন্দ্ৰীয় সমিতি, গোলাঘাট জিলা সমিতি আৰু আদৰণী সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments