Friday, March 13, 2026
Homeৰাজনৈতিকবাজেটত কি কি দাম কমিল?

বাজেটত কি কি দাম কমিল?

ডিজিটেল ডেস্ক, ২৩জুলাই: মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে বাজেট। দেশৰ প্ৰতিজন লোকৰ বাবে এই বাজেট। দেশৰ অৰ্থব্যৱস্থা দ্ৰুতগতিত বৃদ্ধি হৈ আছে।দাম বৃদ্ধি বর্তমান নিয়ন্ত্রণতে আছে। মন্তব্য নিৰ্মলা সীতাৰমণৰ।

বাজেটৰ পিছত কি কি সামগ্ৰীৰ দাম কমিব, কিহৰ দাম বাঢ়িব, চাওক সম্পূৰ্ণ তালিকা।

  • কেঞ্চাৰৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ দাম কমিব। তিনিটা গুৰুত্বপূৰ্ণ ঔষধৰ ওপৰত কৰ উঠাই দিছে চৰকাৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জনাইছে, এই তিনিবিধ ঔষধক সম্পূৰ্ণ শুল্কমুক্ত কৰা হৈছে। ফলত কেঞ্চাৰৰ ঔষধৰ দাম বহু পৰিমাণে কমিব পাৰে বুলি ধাৰণা কৰা হৈছে।
  • ম’বাইল ফোন, ম’বাইল চাৰ্জাৰ আৰু অন্যান্য ম’বাইল সৰঞ্জামৰ দামো কমিব। এই সামগ্ৰীবোৰৰ ওপৰত সাধাৰণ শুল্ক হ্ৰাস কৰা হৈছে প্ৰায় ১৫ শতাংশ। ফলত পূৰ্বৰ তুলনাত কমত পাব ম’বাইল আৰু সেই সংক্ৰান্তীয় সামগ্ৰী।
  • সোণ আৰু ৰূপৰ দামো হ্ৰাস পাব। মঙলবাৰে নিৰ্মলা সীতাৰমণে জনাইছে, সোণ আৰু ৰূপৰ আমদানি শুল্ক ৬ শতাংশ কমাই দিয়া হ’ব। বিশেষজ্ঞসকলৰ বহুতৰ মতে, ইয়াৰ ফলত সোণ আৰু ৰূপৰ দাম কমিব আৰু এই ধাতুবোৰৰ চাহিদা আৰু বাঢ়িব। সাধাৰণ মানুহ আৰু বেছিকৈ সোণ-ৰূপৰ গহণা কিনিবলৈ আৰম্ভ কৰিব।
  • প্লেটিনামৰ ওপৰত ৬.৪ শতাংশ শুল্ক হ্ৰাস কৰা হ’ব। প্লেটিনামৰ দামো হ্ৰাস পাব।
  • আৰু দুবিধ ধাতুৰ দাম কমিব। নিকেল আৰু তামৰ ওপৰত সাধাৰণ কৰ উঠাই দিব চৰকাৰে। ফলত এই দুবিধ ধাতুৰ দামো বহু পৰিমাণে হ্ৰাস পাব। ইয়াৰ উপৰি ২৫টা গুৰুত্বপূৰ্ণ ধাতুৰ ওপৰত কৰ সম্পূৰ্ণৰূপে উঠাই দিয়া হৈছে।
  • ছ’লাৰ পেনেল তৈয়াৰৰ বাবে ব্যৱহৃত সামগ্ৰীৰ ওপৰতো কৰ উঠাই দিব চৰকাৰে। মঙলবাৰে বাজেট ঘোষণাৰ সময়ত সেই প্ৰস্তাৱ দিয়া হয়।
  • সামুদ্ৰিক মাছ আৰু অন্যান্য সামুদ্ৰিক খাদ্যৰ ওপৰত কৰ ৫ শতাংশ হ্ৰাস কৰা হ’ব।

বাজেটত কিছুমান সামগ্ৰীৰ দাম বাঢ়িছে বৃদ্ধি কৰা হৈছে কৰৰ পৰিমাণ।

  • টেলি যোগাযোগৰ সৰঞ্জামৰ ওপৰত ইমানদিনে ১০ শতাংশ কৰ লোৱা হৈছিল। এইবাৰৰ পৰা ১৫ শতাংশ কৰ লোৱা হ’ব বুিল জনায় বিত্তমন্ত্ৰীয়ে।
  • বিভিন্ন প্লাষ্টিকৰ সামগ্ৰীৰ দাম বৃদ্ধি পাব। প্লাষ্টিকজাত সামগ্ৰীৰ শুল্ক বৃদ্ধি কৰা হৈছে।
  • ইয়াৰ উপৰি এম’নিয়াম নাইট্ৰেটৰ ওপৰত চাৰে সাতৰ পৰা ১০ শতাংশ কৰ বৃদ্ধি কৰিছে কেন্দ্ৰই।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments