জ্যেষ্ঠ নাগৰিকসকলৰ সন্মান, সুৰক্ষা আৰু কল্যাণৰ লক্ষ্যৰে ৩৩ নং ননৈ চেৰফাং সমষ্টিৰ এমচিএলে প’ল টপ্পোৰ প্ৰসংশনীয় পদক্ষেপ।
হাতীগড়ত প্ৰেৰণা জ্যেষ্ঠ নাগৰিক সন্থাৰ অস্থায়ী কাৰ্যালয় শুভ উদ্বোধন কৰে সমষ্টিটোৰ এমচিএলএ প’ল টপ্পোৱে।
অনুষ্ঠানত সন্থাৰ সভাপতি ভৱেন তাঁতী আৰু সম্পাদক প্ৰবীণ কালিন্দীয়ে জানিবলৈ দিয়ে যে সকলো জনগোষ্ঠীৰ জ্যেষ্ঠ নাগৰিকক একত্ৰিত কৰি সন্থাখন গঠন কৰা হৈছে।
জ্যেষ্ঠ নাগৰিকসকলক সন্থাৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে কৰ্তৃপক্ষই। যোগাযোগৰ বাবে নম্বৰ—৮০১১৩৭৮০৮১ আৰু ৮০১১৩৪২৩৫৫।
