Saturday, March 14, 2026
Homeৰাশিফলকোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

কোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

মেষ ৰাশি ফলাফল
হতাশ আৰু অৱসাদ গ্ৰস্থ নহ’ব। যদি আপুুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুত লাভ হব। যিমান আপুনি ভাৱি আছিল,আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হব। কোনোবা আজি আপোনাক তেখেতৰ আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। আজি ঘৰত কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহ আপোনাৰ ওপৰত খং কৰিব পাৰে।ইয়াৰ পিছত ঘৰৰ মানুহক মনাওতে বহুত সময় লাগি যাব পাৰে। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱন সংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। ধনক ইমানো গুৰুত্ব নিদিব যাৰ বাবে আপোনাৰ সম্বন্ধবোৰ বেয়া হৈ যায়।এই কথাটো মন ৰাখিব ধন পাব পাৰে কিন্তু সম্বন্ধ ঘুৰাই নাপায়।

 

বৃষ ৰাশি ফলাফল
কোনো বন্ধু আপোনাৰ সহনশীলতা আৰু খোলা মনৰ পৰীক্ষা ল’ব পাৰে।আপুনি নিজৰ আদৰ্শ জলাঞ্জলী দিব নালাগে আৰু জীৱনৰ প্ৰত্যেক নিৰ্ণয় যুক্তি সহকাৰে লওক। দূৰণিবটীয়া যাত্ৰা ৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। পাৰিবাৰিক অথবা সাংসাৰিক দায়িত্ব আপোনাৰ বৃদ্ধি পাব ,যি আপোনাক মানসিক ভাৱে হতাশ কৰি তুলিব পাৰে। আপোনাৰ প্ৰিয়জন আজি খুব ধুনীয়াভাৱে এক পৰিকল্পনা কৰি আপোনাক বিশেষ অনুভৱ কৰাব পাৰে। অধিবক্তাৰ ওচৰলৈ গৈ আপুনি আইনী পৰামৰ্শ লোৱাৰ বাবে আজি বহুত ভাল দিন । আপোনাৰ আৰু জীৱনসংগীৰ মাজত আজি বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে যাৰ অদূৰ ভৱিষ্যতৰ পৰিণাম বৈবাহিক জীৱনত নঞাৰ্থক প্ৰভাৱ পেলাব পাৰে। পৰিয়াল জীৱনৰ এক অভিন্ন অংগ ,আজি নিজৰ পৰিয়ালৰ লগত ফুৰাৰ আনন্দ লব পাৰে।

 

মিথুন ৰাশি ফলাফল
আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনা ত পইচা লগাই ধন আৰ্জিব পাৰে। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব । বহুত দিনৰ পৰা অৱহেলিত সমস্যা এটা অতি সোনকালে সমাধান হোৱা উচিত আৰু আপুনি জানে যে আপুনি এদিনতো এই কাম কৰিবলগীয়া হ’লেই হয় সেইবাবে ধনাত্মক চিন্তা কৰক আৰু কাম টো বহুত একাগ্ৰতাৰে কৰাৰ চেষ্টা কৰক। বৰষুণক সদায় প্ৰেমৰ লগত জড়িত বুলি মানি অহা হৈছে আৰু আজি আপুনি নিজৰ লগৰীৰলগত প্ৰেমৰ বৰষুণত তিতি আকৌ এক অজান প্ৰেমৰ অনুভৱ কৰিব। দেউতাৰ লগত আজি এজন বন্ধুৰ দৰে আপুনি কথা পাতিব পাৰে । আপোনাৰ কথা শুনি তেখেত সুখী হ’ব।

 

কৰ্কট ৰাশি ফলাফল
বন্ধু অথবা সহকৰ্মীৰ স্বাৰ্থজৰিত ব্যৱহাৰ আপোনাক মানসিক ভাৱে কষ্ট দিব পাৰে। আজি আপোনাৰ ভণ্টী বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। বৰিষ্ষ্ঠ আত্মীয় আপোনাক অনবৰতে কিছুমান অপ্ৰয়োজনীয় কথাৰ বাবে অশান্তি কৰিব পাৰে। যদি আপুুনি আদেশ দিব চেষ্টা কৰিব তেনেতে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত বহুত সমস্যা আহিব পাৰে। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ চাদত বা ওচৰৰ পাৰ্কত খোজ কাঢ়ি ফুৰাটো পছন্দ কৰিব। জীৱন সংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটোক হতাশাৰ পিনে ঠেলি দিব পাৰে । শান্তিৰ সাহায্য লৈ আজি আপুনি সকলোৰে লগত বাৰ্তালাপ কৰিব।

 

 

সিংহ ৰাশি ফলাফল
আজি আপুনি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। যিসকল লোকৰ লগত আপুনি থাকে সিহঁত আপোনাৰ লগত ইমান সুখী নহ’ব ,তাৰ কৰণে আপুনি লাগিলে যিমানেই চেষ্টা নকৰক কিয় !! প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। আপোনাৰ জীৱন সংগী আজি আপোনাক সকলোধৰণৰ ভাল অনুভুতি বোৰ দেখুৱাব, আজি তেখেতে আপোনাক বহুত মৰম দেখুৱাব অতীতত হোৱা সকলো ঘটনাৰ পৰিৱৰ্তে। কোনো গছৰ ছাঁত বহি আজি আপুনি বহুত শান্তি লাভ কৰিব। জীৱনক আজি ওচৰৰ পৰা বুজি পাব আপুনি।

 

কন্যা ৰাশি ফলাফল
যেনেকৈ মছলা আৰু সঠিক পৰিমাণৰ জ্বলাই খোৱাবস্তুৰ সোৱাদ বঢ়াই তোলে ঠিক তেনেকৈ অলপ দুঃখৰ এই জীৱনত প্ৰয়োজন আছে আৰু তেতিয়াহে আপুনি সুখৰ প্ৰকৃত মূল্য বুজি পাব। যিসকলে আত্মীয়ৰ পৰা পইচা ধাৰলৈ লৈছিল আজি সেই ঋণ তেখেত সকলে কিবা প্ৰকাৰে হলেও ঘুৰাবলগীয়া হব পাৰে। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষিত কৰিব , আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোয়ে হব যে কোনটো আগত লোৱা যায়। আজি কোনোবা এনেকুৱা ব্ব্যক্তিৰ লগত সাক্ষাত হোৱাৰ সম্ভাৱনা আছে ,জন আপোনাক গভীৰ ভাৱে প্ৰভাৱিত কৰিব। আজি আপুনি বেলেগক সহায় কৰিবৰ বাবে স্বেচ্ছাই যিবোৰ কাম কৰিব সেই কাম তেখেতক সহায় কৰাৰ উপৰি আপোনাকো নিজৰ দিশে অলপ ধনাত্মকভাৱে চাবলৈ শিকাব। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষিকৰণ কৰিব পাৰে ,আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰে। ৰাতি আপুনি কাকো নোকোৱাকৈ ঘৰৰ বহিৰত ওলাই যাব পাৰে কাৰণ আপুনি কিবা মন দ্বন্দ্বৰ মাজত থাকিব যাৰ সমাধান আপুনি উলিয়াব পৰা নাই।

 

 

তুলা ৰাশি ফলাফল
বহুতদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যা সমূহৰ পৰা স্থায়ী ভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱন-শৈলীত সাল-সলনি অনাৰ প্ৰয়োজন আছে। জীৱনৰ বেয়া সময়ত ধন আপোনাৰ কামত আহিব সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰাৰ কথা চিন্তা কৰক সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। গোটেই বিশ্বব্ৰহ্মাণ্ডৰ শক্তি যেন আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত সোমাই আছে, কাৰণ প্ৰেমৰ অনুভূতি বোৰ এনেকুৱাই , আপুনিয়েই সেই ভাগ্যৱান যি এই অনুভৱ অনুভূতি লাভ কৰিছে। আজিৰ দিনাখন যাত্ৰা আৰু মনোৰঞ্জন তথা বেলেগৰ লগত সামাজিক সাক্ষাত হব। আজি আপুনি প্ৰেমত ইমানেই আত্ম সন্তুষ্টতা লাভ কৰিব যে গোলাপ ফুল বোৰ অধিক ৰঙা দেখিব আৰু বেঙুনীয়া খিনিক অধিক বেঙুনীয়া দেখিব। মাৰ লগত ভাল সময় অতিবাহিত কৰিব পাৰিব, আজি তেখেতে আপোনাক আপোনাৰ শৈশৱৰ কথা ক’ব পাৰে।

 

বৃশ্চিক ৰাশি ফলাফল
কথা কোৱাৰ আগত দুবাৰ ভাৱক , নজনাকৈ কোৱা যিকোনো কথা বেলেগক কষ্ট দিব পাৰে। মা অথবা দেউতাৰ শাস্থ্যৰ ওপৰত আজি বহুত খৰচ হব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে কিন্ত আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। সুখী আৰু আনন্দিত থাকক আৰু প্ৰেমৰ বাটত অহা প্ৰত্যেক বাধাৰ সন্মূখীন হোৱাৰ বাবে তৈয়াৰ থাকক। আজি দিনত কিছুমান বন্ধু আপোনাৰ ঘৰত আহিব পাৰে আৰু সিহতঁৰ লগত আপুনি সময় অতিবাহিত কৰিব পাৰে, অৱশ্যে আপুনি মদ,চিগাৰেট এইবোৰৰ পৰা দুৰত থকাটোয়ে ভাল হ’ব। ভাল কমিউনিকেশ্বন নোহোৱাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হব পাৰে,কিন্তু মিলি-জুলি বহি কথা পাতিলে বিষয় বস্তুবোৰ ঠিক হব পাৰে। আপোনাৰ প্ৰিয়জনৰ লগত পৰ্যাপ্ত সময় অতিবাহিত কৰাৰ আজি সম্ভাৱনা আছে ,এনেকুৱা কিছুমান মুহুৰ্তই আপোনজনৰ লগত থকা সম্পৰ্ক প্ৰগাঢ় কৰে।

 

ধনু ৰাশি ফলাফল
আবেলিৰ সময়ত অলপ আৰাম কৰক। বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে অকল নিজৰ ওপৰত বিশ্বাস ৰাখিব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাওতে তেখেতক ভাল ব্যৱহাৰ কৰক। যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে তেন্তে আজি আপোনাক সিহতেঁ আপুনি পৰ্যাপ্ত সময় নিদিয়া বাবে অভিযোগ দিব পাৰে। তেখেতৰ জন্মদিন পাহৰি যোৱা বাবে আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হহোৱাৰ সম্ভাৱনা আছে। কিন্তু অন্তত সকলো বাক-বিতণ্ডতা ভাল হৈ যাব। ব্যৱসায়ত লাভ আজি এই ৰাশিৰ ব্যৱসায়ীৰ বাবে সোণোৱালী সপোন সচাঁ হোৱাৰ দৰে হ’ব।

 

মকৰ ৰাশি ফলাফল
আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ’ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পুৰ্ন কৰিব পাৰিব। আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱাৰ দুখ এটাও মনত থাকিব। বৰিষ্ঠ জনৰ স্বাস্থ্য চিন্তাৰ কাৰক হৈ উঠিব পাৰে। আপোনাৰ পৰপ্ৰিয়জন আপোনাক গোটেই দিন মনত কৰি থাকিব ,তেহেতক কিবা ধুনীয়া এক বস্তু চাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। বহুত দিনৰ পৰা অৱহেলিত সমস্যা এটা অতি সোনকালে সমাধান হোৱা উচিত আৰু আপুনি জানে যে আপুনি এদিনতো এই কাম কৰিবলগীয়া হ’লেই হয় সেইবাবে ধনাত্মক চিন্তা কৰক আৰু কাম টো বহুত একাগ্ৰতাৰে কৰাৰ চেষ্টা কৰক। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱন এক বিশিষ্ট দিশেদি লৈ যাব। সময়ৰ ভাল কৈ ব্যতিত কৰিবলৈ আপুনি টিভি চাই অধিক সময় নষ্ট কৰিব পাৰে সেইবাবে আপুনি আপোনাৰ চকুৰ বহুত ভাল কৈ যত্ন লব পাৰে।

 

কুম্ভ ৰাশি ফলাফল
বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জল হ’ব। কিছুমান নিশ্চিত গুৰুত্বপুৰ্ণ কাম আপোনাৰ অভাৱীয় আৰ্থিক পৰিস্থিতিৰ বাবে মাজতে ৰৈ যাব পাৰে। নতুন বস্তু সমূহত ধ্যান মনোযোগ দিয়ক আৰু আপোনাৰ সকলোতকৈ ভাল বন্ধুৰ সহায় লওক। আপোনাৰ প্ৰেম জীৱন আজি এক নতুন দিশা লাভ কৰিব, আপুনি এক ঐশ্বৰিক অনুভূতি লাভ কৰিব এই প্ৰেমত। আজি বন্ধুগণৰ লগত দেখা হব পাৰে কিন্তু সেইখিনি সময়ত আপুনি মাদ্যদ্ৰব্য সেৱনৰ পৰা দুৰত থকাটোয়ে ভাল নহলৰ সময়ৰ অপচয় হব পাৰে। আজি আপুনি অনুুভৱ কৰিব যে আপোনাৰ জীৱন সংগীয়ে আপোনাৰ চিৰন্তনৰ লগৰী আৰু তেখেতেই আপোনাৰ একমাত্ৰ লগৰী। আপোনাৰ কথাত যদি গুৰুত্ব দিয়া হোৱা নাই তেন্তে খ্ং নকৰি পৰিস্থিতি বুজাৰ চেষ্টা কৰিব।

 

মীন ৰাশি ফলাফল
প্ৰেম, উদ্দীপনা , সহানুভূতি , আকাংক্ষা আৰু নিষ্ঠাৰ দৰে ধনাত্মক ভাৱনা সমূহক গ্ৰহণ কৰিবৰ বাবে নিজকে উৎসাহিত কৰিব। এবাৰ যদি এই গুণ সমূহ আপোনাৰ মাজত থাকি যায় তেতিয়া হ’লে এই গুণ সমূহ যিকোনো সময়ত ধনাত্মক ভাৱে প্ৰকাশ হ’ব। সময় আৰু ধনৰ মূল্য বুজি নাপালে আপুনি আহিবলগা সময়ত সমস্যাৰ সন্মুখীন হব লাগিব। ওচৰ-চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে ।কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুয়াই নেপেলাব, এনেকুৱা কৰিলে অকল জুই বেছিকৈহে জ্বলিব । যদি আপুনি সহযোগ নকৰে তেন্তে কোনো আপোনাৰ লাগত কাজিয়া কৰিব নোৱাৰে।সকলোতকৈ ভাল সম্বন্ধ বৰ্তাই ৰাখিবৰ চেষ্টা কৰক। প্ৰেমত যে গভীৰতা বহুত সেই কথা আপুনি আজি অনুভৱ কৰিব আৰু আপোনাৰ প্ৰিয়জন সদায় আপোনাক বহুত মৰম কৰিব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । আপোনাৰ জীৱন সংগীৰ লগত আজি এক স্মৰণীয় সন্ধিয়া অতিবাহিত কৰিব পাৰে। পুৱাঁৰ সতেজ ৰ’দ আপোনাক নতুন উৰ্জা প্ৰদান কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments