Saturday, March 14, 2026
Homeঅসমসদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে গোলাঘাটত আজি কৃতি ছাত্ৰ-ছাত্ৰীৰ...

সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে গোলাঘাটত আজি কৃতি ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

গোলাঘাট, ২৯জুলাই: “প্ৰতিযোগিতাৰ পৃথিৱীখনত নিজকে উপযুক্ত ভাৱে প্ৰতিষ্ঠা কৰি যাতে আগবাঢ়িব পাৰে,আমাৰ উঠি অহা প্ৰজন্মক সুৰক্ষিত ভৱিষ্যতৰ সঠিক বাটেৰে আগবঢ়াই নিব লাগিব । বিশেষকৈ নিজৰ জাতিটোৰ প্ৰতি,নিজৰ ভাষাটোৰ প্ৰতি ,নিজৰ সমাজখনৰ প্ৰতি ,নিজৰ গাঁওখনৰ প্ৰতি আৰু নিজৰ স্বত্তাটোৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব। শিপাডালৰ লগত খামুচি যাতে জীয়াই থাকিব পাৰে আৰু আমাৰ শিপাডালক যাতে শক্তিশালী কৰিব পাৰে ,তাৰ বাবে নৱ-প্ৰজন্মৰ পৰা আমি বহুখিনি আশা কৰোঁ । গোলাঘাট মহকুমা ছাত্ৰ সন্থা আৰু গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত গোলাঘাট এমেচাৰ হলত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ।

গোলাঘাট এমেচাৰ থিয়েটাৰ ছছাইটিৰ প্ৰেক্ষাগৃহত জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈৰ পৌৰাহিত্যত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁ আৰু কয় যে,কৃতি ছাত্ৰ-ছাত্ৰীসকল নতুন প্ৰজন্মৰ বাবে পাথেয় হওক ।আমাৰ জাতিটোৰ গুৰি ধৰোতা হওক ।শিপাডাল শক্তিশালী কৰাৰ উদ্দেশ্যে এনেদৰে একত্ৰিত কৰি কৃতিমানৰ কান্ধত জাতিটোৰ ভাৰ অৰ্পণ কৰিব বিচাৰিছোঁ। শিপাডাল শক্তিশালী হ’লেহে জাতিটো শক্তিশালী হ’ব বুলি তেওঁ মন্তব্য কৰি কৃতি ছাত্ৰ-ছাত্ৰী সকলক দেশ,মাটি আৰু জাতিৰ স্বাৰ্থত দায়বদ্ধ ভূমিকা পালন কৰাৰ আহ্বান জনায় ।

গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰাই আঁত ধৰা অনুষ্ঠান শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামীয়ে।‌ বিশিষ্ট সাংবাদিক,গল্পকাৰ, সাহিত্য অকাডেমী বঁটা প্ৰাপক মনোজ কুমাৰ গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ।‌অনুষ্ঠানৰ আৰম্ভণিতে জিলা ছাত্ৰ সন্থাৰ হৈ আদৰণী ভাষণ প্ৰদান কৰে শিক্ষা সম্পাদক মিলন কৈৰীয়ে । গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ হৈ সাধাৰণ সম্পাদক দীপক গগৈয়ে আৰু গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ হৈ সাধাৰণ সম্পাদক হিমাংশু শইকীয়াই আদৰণী ভাষণ প্ৰদান কৰে ।

অভিনন্দন অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক দ্বীপেন দত্ত,জ্যেষ্ঠ সাংবাদিক,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰিঞ্চ দলে, কনক গগৈ, অসম উন্নতি সভাৰ দেৱজিৎ বৰুৱা, প্ৰাক্তন আছু নেতা ৰঞ্জিত বৰা,সাংবাদিক মোস্তাক হুছেইন, দেৱাশীষ সাহা,সমীৰণ দিগন্ত বৰা,গিৰীণ বৰা আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানত হাইস্কুল শেষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ গোলাঘাট জিলাৰ ৪০৪ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষ অভিনন্দন জনোৱা হয় । জিলাখনৰ ৮০ খন শিক্ষানুষ্ঠানৰ অধ্যক্ষ,অধ্যক্ষাকো ছাত্ৰ সন্থাই আজি বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।‌

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments