টংলা,৩আগষ্ট: হিমালয় প্ৰাদেশৰ তথা ওদালগুৰি জিলাৰ ভাৰত -ভূটান সীমান্তৰ অগ্ৰণী সাংবাদিক সন্থা ডিমাকুছি প্ৰেছ ক্লাৱৰ নৱম বাৰ্ষিক অধিবেশনখনি ৪ আগষ্টত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে।ডিমাকুছি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কায্যালয়ত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া প্ৰেছ ক্লাৱৰ কাৰ্যসূচী সমূহৰ ভিতৰত আছে ৰাতিপুৱা ৯ বজাত প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন,৯-৩০ বজাত শ্বহীদ তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাৰ্যসূচী ৰূপায়ন কৰিব ৰজাগড় জনতা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ফুকন চন্দ্ৰ নাথে।
১১ বজাত বিশিষ্ট চাহ খেতিয়ক তথা ডিমাকুছি প্ৰেছ ক্লাৱৰ সভাপতি ৰবিৰাম বড়োৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া মুকলি আৰু সম্বৰ্দ্ধনা সভা উদ্বোধন কৰিব বিটিচিৰ কাৰ্যবাহী সদস্য ডাউবাইচা বড়োই। প্ৰাক্তন ছাত্ৰ নেতা তথা সাংবাদিক,ডিমাকুছি প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি ৰুদ্ৰ ডেকাই আত ধৰি পৰিচালনা কৰিবলগীয়া সভাখনত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি বক্তৃতা প্ৰদান কৰিব অসম বিধানসভাৰ অধ্যক্ষ তথা পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে।
নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাস আৰু সন্মানীয় অতিথিৰ আসন অলংকৃত কৰিব ক্ৰমে বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তান্তি,ডিমাকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহানন্দ ভূঞা,ডিমাকুছি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি গৌতম শৰ্মা, ভেৰগাঁও মহকুমাৰ মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা, বিশিষ্ট সমাজকৰ্মী তথা যুৱ নেতা জৌশ্ৰাং বড়ো, বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী অজয় ডেকা, বিনায়ক টি- কোম্পানী ডিমাকুচিৰ প্ৰকাশ বৰুৱা,পানেৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰী আৰু জ্যেষ্ঠ সাংবাদিক তথা সাংস্কৃতিক কৰ্মী বাপন চন্দ্ৰ শৰ্মাই অংশগ্ৰহণ কৰিব। মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হব বুলি ডিমাকুছি প্ৰেছ ক্লাৱৰ সম্পাদক তীৰ্থ শৰ্মাই জানিবলৈ দিছে।