মালিগাঁও, বিশ্বজিৎ সুত্ৰধৰ: আজি ৭আগষ্ট বস্ত শিল্প দিৱস, গুৱাহাটী শিপিনী সেৱা কেন্দ্র আৰু গোলাঘাট হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ উদ্যোগত হেমপ্ৰভা বৰুৱা মহাবিদ্যালয়ত প্ৰাঙ্গনত মহাবিদ্যালয় সহযোগিতাত অনুষ্ঠিত হয়, এই দিৱসৰ লগত সংগতি ৰাখি তিনিগৰাকী শিপিনীক বঁটা প্ৰদান কৰে , বোকাখাতৰ মমতা শইকীয়াক বঁটা প্ৰদান কৰে মমতা শইকীয়াই বস্ত্ৰ শিল্পটো মহিলা সকলৰ মাজত জাগো সৃষ্টি কৰি মহিলা সকল স্বাৱলম্বী হোৱাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰে।
লগতে এই কলেজৰ কেইবাগৰাকীও ছাত্ৰীক বস্ত্ৰ শিল্পৰ প্ৰতি আকৰ্ষিত হৈ এই শিল্পৰ দ্বাৰা উপাৰ্জন মুখি পথ বাছি লোৱা বাবে তেওঁলোকক সন্মান জনাই।আজিৰ সভাত গোলাঘাৰ এডিচি পাপৰি গগৈ, হেমপ্ৰভা বৰুৱা মহাবিদ্যালয়ত অধক্ষ্য বুলবুলি শইকীয়া, এন এচ ডি চিৰ এম হুছেইন , গোলাঘাট বস্তশিল্পৰ অধক্ষ্য ভৱেন ডেকা, ইন্সপেক্টৰ কিৰণ বৰুৱা, শিপিনী সেৱা কেন্দ্ৰৰ বিষয়া বিশ্বজিৎ বৰুৱা, গোপাল জী আদি কৰি বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে, এই কলেজৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানে অনুষ্ঠান ভাগ মনোমোহা কৰি তোলে।