ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যত হঠাৎ অভাৱনীয় হাৰত বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল ৷ ৰাজ্যত নতুন ডিজিটেল মিটাৰ ব্যৱস্থা কৰাৰ পিছতে বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল ৷ হঠাৎ বিদ্যুতৰ মাচুল বৃদ্ধিকলৈ ৰাজ্যত তীব্ৰ চৰ্চা লাভ কৰিছে ৷ সামজিক মাধ্যমত বিশেষ ভাবে চৰ্চা লাভ কৰিছে বিদ্যুতৰ মাছুল বৃদ্ধিৰ প্ৰসংগটোৱে ৷
ইয়াৰ মাজতে শুক্ৰবাৰে বিধাসভাত উত্থাপন হয় বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰসংগ
বিদ্যুৎ মাচুল বৃদ্ধিকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযূষ হাজৰিকাই ৷ হাজৰিকাই এই সন্দৰ্ভত কয় যে , ‘‘ চৰকাৰী চাকৰিয়ালৰ প্ৰতিমাহে দৰমহা বাঢ়ে। গতিকে বিদ্যুৎ মাচুল বঢ়াতো ডাঙৰ কথা নহয়।প্ৰতিমাহে ২০০–৩০০ টকাকৈ বৃদ্ধি পাই দৰমহা। নিয়মমাফিক মাছুল বাঢ়িবই, বেছি বাঢ়িলে আমি ব্যৱস্থা ল’ম।’’
আনহাতে মাছচু বৃদ্ধিৰ প্ৰসংগত বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ সৈতে বৈঠকত মিলিত হ’ব বিভাগীয় বিষয়া সকল ৷