অজিত চমুৱা, উত্তৰ গুৱাহাটী: আমিনগাঁও যুৱ বিকাশ কেন্দ্ৰত আজি ভাৰতীয় জনতা মজদুৰ সংঘ,, চমুকৈ বি জে এম এছ চতুৰ্থ ৰাজ্যিক কায্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । গুৱাহাটী মহানগৰ জিলা সমিতিৰ আতিথ্যত অনুষ্ঠিত ৰাজ্যক সভাত ৰাজ্যৰ ১৩খন জিলাৰ কায্যকৰ্তাই ভাগ লয় ।
ভাৰত মাতা পূজনেৰে আৰম্ভ কায্যনিৰ্বাহক সভাত প্ৰতিখন জিলাৰ প্ৰতিনিধিয়ে বছৰৰ কৰ্ম খতিয়ান দাঙি ধৰে । শ্ৰমজীৱি জনতাৰ সুৰক্ষা অধিকাৰ নিশ্বিত কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা মজদুৰ সংঘই কাম কৰি আহিছে ।
বি জে এম এছৰ সভাপতি প্ৰাঞ্জল দাসৰ পৌৰহিত্যত অনুষ্ঠিত সভাত শমজীবি লোকৰ ওপৰত চলাই অহা শোষণ প্ৰতিৰোধৰ পৰামৰ্শ আগবঢ়ায় । ৰে’লেৱে মজদুৰ সংঘৰ পুৰ্বোত্তৰ ক্ষেত্ৰিয় সম্পাদিকা অনিতা সিংঙে আমন্ত্ৰিত অতিথিৰ ভাষণত ৰেল’ৱে শ্ৰমিকৰ অধিকাৰ আৰু সংগঠণৰ কৰ্তব্য সম্পৰ্কত ভাষণ আগবঢ়ায়