Thursday, November 7, 2024
Homeৰাশিফলকোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

কোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

মেষ ৰাশি ফলাফল
আপোনাৰ উৰ্জা বহুত থাকিলেও আজি আপুনি এনেও কাৰোবাক মনত কৰিব যি এই মূহুৰ্তত আপোনাৰ লগত নাই। যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, সিহতেঁ আজি পইচাৰ মূল্য বুজি পাব যেতিয়া সিহতঁক পইচাৰ আৱশ্যকতা হব কিন্তু সিহতঁৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব। সন্ধিয়াৰ সময়ত ৰান্ধনি ঘৰত প্ৰয়োজন হোৱা বস্তুৰ ক্ৰয় কৰাত আপুনি ব্যস্ত থাকিব। বিবাহ-প্ৰস্তাৱৰ বাবে এয়াই ভাল সময় ,কাৰণ আপোনাৰ প্ৰেম জীৱন ভৰা এক যাত্ৰা লৈ সলনি হব পাৰে। যদি আপুনি এদিনৰ বাবে ছুটী লব বিচাৰে তেন্তে চিন্তা নকৰিব ! আপোনাৰ অনুপস্থিতিত সকলো কাম ভাল ভাৱে চলিব আৰু যদি হঠাত কিব অসুবিধাও আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। আজি আপুনি এনেকুৱা ব্যৱহাৰ কৰক যেনিবা আপুনি এজন বিখ্যাত ব্যক্তি ,কিন্তু আজি অকল প্ৰশংসাৰ যোগ্য কাম হে কৰক। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হব পাৰে।

 

বৃষ ৰাশি ফলাফল
অন্যৰ ইচ্চাৰ লগত আপোনাৰ ইচ্চা মনত ৰাখিবলৈ গৈ গণ্ডগোলৰ সৃষ্টি হ’ব পাৰে আৰু সেই কাম কৰক যি কাম কৰিলে আপুনি শান্তি লাভ কৰিব। যদি আপুুনি কাৰোবাক দিয়া ঋণ বহুতদিনৰ পৰা উভতাই বিচাৰি আছে কিন্তু সেই ব্যক্তিজনে আপোনাক অজুহাত দেখুৱাই পইচা দিয়াৰ পৰা বিৰত আছে , তেখেত আজি একো নোকোৱাকৈ আপোনাৰ পাওনা খিনি ঘুৰাই দিব। দিনৰ দ্বিতীয় প্ৰহৰত বিশ্ৰাম কৰক আৰু পৰিয়ালৰ লগত সময় অতিবাহিত কৰক। অকল এবাৰ আপুনি নিজৰ প্ৰিয়জনক একেবাৰৰ বাবে নিজৰ কৰি লওক তেন্তে জীৱনত আপোনাৰ আৰু একো বস্তুৰে প্ৰয়োজন নাই ,এই কথাক বহুত গভীৰ ভাৱে আপুনি হৃদয়ংগম কৰিব। যদি আপুনি অনুভৱী মানুহৰ উপদেশ মানি লয় আৰু আপোনাৰ কামত নতুন চিন্তাৰ প্ৰয়োগ কৰিব তেন্তে লাভ প্ৰাপ্ত হব। যদি আপুনি যিকোনো বিবাদত ঘনীভূত হৈ যায় তেন্তে মতামত দিয়াৰ পৰা বিৰত থাকক। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱন এক বিশিষ্ট দিশেদি লৈ যাব।

 

মিথুন ৰাশি ফলাফল
সামাজিক মিলাপ্ৰীতি আদিৰ প্ৰতি থকা ভয় ভাৱে আপোনাক বিচলিত কৰি তুলিব পাৰে, নিজৰ আত্ম বিশ্বাসক বঢ়াওক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ। সন্দিগ্ধ আৰ্থিক লেন দেনত ফচাৰ পৰা সাৱধানে থাকক। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। তাই/সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। প্ৰেম জীৱনত আশাৰ নতুন কিৰণ নামি আহিব। আপোনাৰ বায়োডটা অথবা ইণ্টাৰভিউ দিয়াৰ বাবে এয়াই ভাল সময়। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচাৰা হয় তেতিয়া সংকোচ নকৰিব ,কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। কোনোবা পূৰণা বন্ধু আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ স্মৃতি সমূহ সতেজ কৰিব পাৰে।

 

কৰ্কট ৰাশি ফলাফল
স্বাস্থ্য ভালে থাকিব। আপোনাৰ অতি কাল্পনিক যোজনা সমূহৰ বাবে আপোনাৰ ধন অধিক কমি যাব পাৰে। ঘনিষ্ঠ বন্ধু আৰু অংশীদাৰ বেয়া পাই আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত থাকিব। আজিৰ দিনটো আপুনি সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আৰহণ কৰিব। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত, এইবাবে আপুনি নিজৰ বাবে সময় উলিওৱা উচিত। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃতি নিৰ্মূলৰ এক আহিলা হিচাপে গন্য কৰে ,সিহতঁৰ ধাৰণা ভুল ,কাৰণ আজি আপুনি সচাঁ প্ৰেমৰ অনুভূতি লাভ কৰিব।

 

সিংহ ৰাশি ফলাফল
দিনৰ আৰম্ভণি আপুনি যোগ-প্ৰানায়াম দি কৰিব পাৰে। এনেকুৱা আৰম্ভণি আপোনৰ বাবে লাভদায়ক হব আৰু আপোনাক গোটেই দিনলৈ সক্ৰিয় কৰি ৰাখিব। যদি আপুুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুত লাভ হব। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক ,সিহতৰ সুখ দুখৰ অংশীদাৰ হওক যাতে সিহতে অনুভৱ কৰে যে আপুনি সচাকৈয়ে সিহতক নিজৰ জীৱনৰ এক গুৰুত্বপুৰ্ণ অংগ বুলি ভাৱে। যিয়ে নকওক কিয় ,ভালকৈ বুজি আৰু ভাৱি-চিন্তি কওক,কাৰণ ৰুক্ষ শব্দই শান্তি বিনষ্ট কৰে আৰু প্ৰিয়জনৰ লগত দূৰত্ব বঢ়াই তোলে। কাৰ্যালয়ত সকলো মানুহ আপোনাৰ পক্ষত থকা যেন মনত অনুভৱ হব। আজি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব । আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। জীৱন সংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হব পাৰে।

 

কন্যা ৰাশি ফলাফল
আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ’ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পুৰ্ন কৰিব পাৰিব। আৰ্থিক দিশত ভাল চলি থকা বাবে আপুনি জৰুৰী বস্তু বোৰ কিনাত সহজ হব। সন্ধিয়াৰ সময়ত আপোনাৰ ৰ লগত জীৱন সংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। প্ৰেমৰ যাদু যেন আপোনাক নিয়ন্ত্ৰণ কৰাত কোনো প্ৰকাৰে বাদ দিয়া নাই , ইয়াক অনুভৱ কৰক। কামত কম উন্নতি তথা প্ৰগতি আপোনাক অলপ মানসিক অশান্তি প্ৰদান কৰিব পাৰে। আজি আপুনি হঠাৎ কামৰ পৰা ছুটি লোৱাৰ পৰিকল্পনা কৰিব আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰিব। আজি জীৱন সংগীৰ লগত কিছু মধুৰতম সময় ,ভাল খানা আৰু কিছু ৰোমাণ্টিক মুহুৰ্তই আপোনাৰ বাবে বিশেষ হব।

 

তুলা ৰাশি ফলাফল
আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত ,যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। মা-দেউতাৰ লগত নিজৰ আনন্দ ভাগ বতৰা কৰক। সিহতক অনুভৱ কৰিব দিয়ক যে আপোনাৰ বাবে তেখেত বহুত গুৰুত্বপূৰ্ণ ,ইয়াৰ ফলত সিহঁতৰ নিঃ সংগতাৰ অনুভূতি দূৰ হব । আপোনাৰ জীৱনৰ কি লাভ যদি আমি এজনে আনজনক সহায় কৰিব নোৱাৰো আৰু জীৱনটো অলপ সহজ কৰিব নোৱাৰো। আপোনাৰ প্ৰিয়জনৰ ওচৰৰ পৰা দূৰ হোৱা স্বত্তেও আপুনি তেখেতৰ উপস্থিতি অনুভৱ কৰিব। যিবিলাক লোক বিদেশ ব্যৱসায়ৰ লগত জড়িত সিহতঁৰ আজি যথেষ্ঠ লাভ হোৱাৰ সম্ভাৱনা আছে।ইয়াৰ লগতে চাকৰি ৰ লগত জড়িত এই ৰাশিৰ জাতক সকল নিজৰ প্ৰতিভাৰ ব্যৱহাৰ কৰ্মক্ষেত্ৰত পুৰাদমে কৰিব পাৰিব। কাম সোনকলে শেষ কৰি ঘৰলৈ যোৱাটো আপোনাৰ বাবে ভাল হব , ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ লোকবোৰো সুখী হব আৰু আপুনিও সতেজ অনুভৱ কৰিব । আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে।

 

বৃশ্চিক ৰাশি ফলাফল
নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে চিঞৰ বাখৰ কৰাৰ পৰা বিৰত থাকক। ৰাতিৰ সময়চোৱাত আপোনাৰ অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। সাধাৰণ ভাৱে পৰিচিত মানুহৰ লগত প্ৰত্যেক কথা ভাগ-বতৰা কৰাৰ পৰা বিৰত থাকক। আপুনি কাৰোবাৰ লগত কৰোবাত ঘুৰিব -ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। আপোনাৰ কাম কৰাৰ শৈলী কিছুমান সহকৰ্মী একদমে পচন্দ নকৰিব ,কিন্তু আপোনাক সিহঁত এই বিষয়ে নকব , যদি আপুনি অনুভৱ কৰে যে ফলাফল আপুনি ভৱামতে নাহিব তেন্তে আপুনি যোজনাক আকৌ বিশ্লেষণ কৰি আকৌ তাত শুধৰণি কৰিব পাৰে। আজি আপুনি গোটেই দিন পৰিয়ালৰ লগত সময় কটাব ফলত আপুনি সম্বন্ধৰ বান্ধ কেনেকুৱা বুজি পাব। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হব পাৰে।

 

ধনু ৰাশি ফলাফল
আপুনি নিজৰ ভাগৰতা দুৰ কৰিবৰ বাবে সম্পূৰ্ণ দিন বিশ্ৰাম লোৱা উচিত নহ’লে ভাগৰ আৰু দুৰ্বলতাই আপোনাক বিচলিত কৰি তুলিব পাৰে। বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হব । যদি আজি আপুনি আপোনাৰ পৰিচিত লোক সকলৰ ওপৰত নিজৰ মতামত নিক্ষেপ কৰিব বিচাৰে ,তেন্তে আপোনাৰ হিতৰ হানি হব পাৰে। পৰিস্থিতি ৰ সন্মুখীন ধৈৰ্য সহকাৰে কৰা উচিত যাতে তাৰ ফলত ভাল পৰিণাম পাব পাৰে। অনাকাংক্ষিত ভাৱে হোৱা ৰোমাণ্টিক সাক্ষাৎকাৰে আপোনাক দদুল্যমান অৱস্থাত পেলাব পাৰে। প্ৰফেশ্বনাল দিশত কৰা ভাল কামৰ বাবে আপোনাক অফিচত বহুত প্ৰশংসা কৰিব। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব ,যি আপুনি শুনিব বিচাৰি আছিল। আজি আপুনি অনুভৱ কৰিব যে জীৱন সংগীৰ জীৱনত আপুনি বহুত গুৰুত্বপূৰ্ণ ভূমিকাত আছে।

 

মকৰ ৰাশি ফলাফল
জীৱন সংগী সুখৰ কাৰক হৈ উঠিব। ৰাতিৰ সময়চোৱাত আপোনাৰ অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। বহুতদিনৰ পৰা ৰৈ থকা ঘৰুৱা কাম সমূহ আপোনাৰ জীৱন-সংগীৰ লগত মিলি পূৰণ কৰাৰ ব্যৱস্থা কৰক। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। কাম- কাজৰ দিশত আপুনি সকলোৰে মৰম আৰু সহযোগ পাব পাৰে। আজি খালী সময়ত আপুনি নিজৰ পচন্দ মতে কাম কৰিব বিচাৰিব কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। আপোনাৰ জীৱন সংগী আপোনাক আজি প্ৰেমৰ অনুভুতি প্ৰদান কৰিব চেষ্টা কৰিব ,তেখেতৰ সহায় কৰক।

 

কুম্ভ ৰাশি ফলাফল
ধাৰ্মিক আৰু আধ্যাত্মিক ৰুচি অনুযায়ী কাম কৰিবৰ বাবে আজি ভাল দিন হয়। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। কোনোবা বন্ধু নিজৰ ব্যক্তিগত সমস্যাৰ সমাধান বিচাৰি আপোনাৰ কাষ চাপিব পাৰে। আজি এই ধুনীয়া দিন টোত প্ৰেম-সম্বন্ধত থকা আপোনাৰ সকলো অভিমান নোহোৱা হব। ঘৰুৱা সহায়কাৰী আৰু সহকৰ্মী ৰ লগত হোৱা সমস্যাক আপুনি নাকচ কৰিব নোৱাৰে। আপোনাৰ ওচৰত সময় পৰ্যাপ্ত পৰিমাণে থাকিব কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব। এক দীঘলীয়া সময়ৰ পৰা চলি অহা মতভেদ আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজৰ পৰিস্থিতি অধিক জটিল কৰি তুলিব।

 

মীন ৰাশি ফলাফল
আপোনাৰ দয়াবান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ , অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হব। আজি আপুনি ধৈৰ্য শীল ভাৱে চলিব নোৱাৰিব,সেইবাবে সংযমতা ৰাখক কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰ ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোতেই যাব ,ইয়াৰ মানে হল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল ! আপোনাৰ মানুহক নিয়ন্ত্ৰণ কৰা স্বভাৱ সমালোচনাৰ কাৰণ হব পাৰে। নিজৰ কাম সময়মতে কৰিব লাগে , কাম জমা কৰি থ’লে আপোনাৰে অসুবিধা হ’ব পিচলৈ ।কাম সোনকালে শেষ কৰিলে আজি আপুনি ধেৰ অৱসৰ সময় পাব। আপোনাৰ জীৱন লগৰীৰ আন্তৰিক সৌন্দৰ্য বাহ্যিক ফালেদিও আপুনি অনুভৱ কৰিব পাৰিব ।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments