ডিজিটেল ডেস্ক, ১১ছেপ্তেম্বৰ: ক’ত আত্মসমৰ্পণ কৰিব চুমি বৰাই?সংবাদ মাধ্যমত চুমিৰ প্ৰথমটো ভাষ্য। সংবাদ মাধ্যমত চুমি বৰাৰ প্ৰথমটো ভাষ্য। আজিয়েই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা চুমি-তাৰ্কিকৰ।
আত্মসমৰ্পণৰ পূৰ্বে চুমি বৰাৰ প্ৰথমটো ভাষ্য। ১০ দিনৰ মূৰত আত্মপ্ৰকাশ কৰা চুমিয়ে সংবাদ মাধ্যমত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ কৰে।
‘‘বহুত দিনৰ পৰা আপোনালোকে মোৰ বহুত নিউজ শুনি আছে। বহুত অপপ্ৰচাৰ চলি আছে। যি নিউজ বাজিছে তাৰ ১০ পাৰ্চেণ্টো সঁচা নহয়। মই ইমান দিনে একো মাত মাতিব পৰা নাই। ইমান হাৰেচমেণ্ট, মই কেতিয়াও ভাবিব পৰাই নাচিলো।মই মেণ্টেলি প্ৰস্তুত নাচিলো কথা ক’বলৈ। ৭ দিন মই যেনে-তেনে কটালো। এতিয়া জোখতকৈ বেচি অপপ্ৰচাৰ চলিছে। বহুত ধৰণে মোক সাঙুৰ খোৱাইছে। ন্যায়ালয়ে মোক দোষী সাৱ্যস্ত কৰাৰ আগতে নিউজ চেনেলে দোষী কৰি মোক ফাঁচী দিছে।”
‘‘আজি বহুত দিনৰ মূৰত সাহস কৰি আত্মসম্পৰ্ণ কৰিব ওলাইছো। মই পুলিছৰ লগতে সম্পূৰ্ণ সহযোগ কৰিম। ইমান দিনে কৰিব পৰা নাছিলো, মই পলাই থকা নাই। মই লুকাই আছিলো অলপমান। মই পৰা নাছিলো সহ্য কৰিব। যি মন যায় তাকে কৈ আছে। কোনো ধৰণৰ তথ্য নোহাৱাকৈ কথা কৰি আছে। মই ভাবিছিলো তথ্য নথকাকৈ ইমান নিউজ নকৰে। মিডিয়াৰ ফলত মই আজি দোষী।’‘‘গোটেই মানুহৰ আগত মোক, মোৰ পৰিয়ালক, মোৰ মা-দেউতাক উলংগ কৰিছে। আৰু ধৈৰ্য ধৰিব পৰা নাই। সকলোৰে এটা সীমা থাকে। তথ্য চাই ন্যায়ালয়ে সিদ্ধান্ত ল’ব। আজি মই আত্মসমৰ্পণ কৰিম। মই আৰক্ষীৰ লগত সহযোগ কৰিম, যদি মই সত্য হয়, মোৰ কোনোধৰণ শাস্তি নহয়।’’