Monday, July 7, 2025
Homeঅসমস্মাৰ্ট মিটাৰক লৈ আটছাৰ ৰাজ্যজুৰি প্ৰতিবাদ

স্মাৰ্ট মিটাৰক লৈ আটছাৰ ৰাজ্যজুৰি প্ৰতিবাদ

ডিজিটেল ডেস্ক, ১৬ছেপ্তেম্বৰ: দুঘণ্টা ধৰি চলি থকা এক বিক্ষোভত সোমবাৰে এপিডিচিএলৰ মাৰ্ঘেৰিটা মহকুমা অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। মাৰ্ঘেৰিটা আৰু পেংগ্ৰী শাখা সমিতিৰ নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, অসম শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছা, এপিডিচিএলৰ উচ্চ কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

স্মাৰ্ট মিটাৰ ৰূপায়ণৰ ক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰি ১০০ৰো অধিক আট্টছাৰ সদস্যই এই প্ৰতিবাদত অংশগ্ৰহণ কৰে। এ টি টি এছ এৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ যুটীয়া প্ৰচাৰ সম্পাদক প্ৰাঞ্জল বৰাইকে এই স্মাৰ্ট মিটাৰক সমালোচনা কৰি চাহ বাগিচাৰ শ্ৰমিকৰ আৰ্থিক স্থিতিশীলতাত বিৰূপ প্ৰভাৱ পেলোৱা বুলি দাবী কৰে। তেওঁ কয় যে স্মাৰ্ট মিটাৰে আমাৰ কষ্টোপাৰ্জিত আয় নষ্ট কৰাটো অতি দুৰ্ভাগ্যজনক, যাৰ ফলত জীয়াই থকাটো কঠিন হৈ পৰিছে।

বৰাইকে আৰু অভিযোগ কৰে যে ৰাজ্য চৰকাৰে এই মিটাৰৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকক “স্মাৰ্টলি লুট” কৰি আছে। ৭ দিনৰ ভিতৰত স্মাৰ্ট মিটাৰ সলনি কৰি পোষ্ট পেইড মিটাৰ ব্যৱহাৰ কৰিবলৈ দাবী জনাইছে ATTSA য়ে। এই দাবী পূৰণ নকৰিলে বৃহৎ আন্দোলনৰ সৃষ্টি হ’ব, তাৰ ফলত হোৱা যিকোনো কাণ্ডৰ সম্ভাৱ্য দায়িত্ব মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন আৰু মাৰ্ঘেৰিটা আৰক্ষীৰ ওপৰত জাপি দিয়া হ’ব।

প্ৰতিবাদৰ অংশ হিচাপে মাৰ্ঘেৰিটা এপিডিচিএলৰ মহকুমা অভিযন্তাক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments