ডিজিটেল ডেস্ক, ANEWS24x7: দীঘলীয়া জেৰাৰ অন্তত শুক্ৰবাৰে দিল্লী আৰক্ষীৰ দুৰ্নীতি বিৰোধী শাখাই গ্ৰেপ্তাৰ কৰে আম আদমী পাৰ্টিৰ বিধায়ক আমানুতুল্লাখানক ৷ দিল্লী ৱাকফ বৰ্ডৰ বিত্তীয় অনিয়মৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ৱাকফ বৰ্ডৰ অধ্যক্ষ তথা আপৰ বিধায়ক আমানুতুল্লা খানক ৷
আৰক্ষীয়ে আমানুতুল্লা খন আৰু তেওঁৰ সহযোগী সকলৰ বাসগৃহত তালাচী চলায় নগদ ১২ লাখ টকা সহ এটা বন্দুক আৰু বহুতো গুৰুত্বপূৰ্ণ নথি উদ্ধাৰ কৰে ৷
উল্লেখ্য যে , এদিন পূৰ্বে আপৰ বিধায়ক আমানুতুল্লাই এক টুইট কৰি কৈছিল যে , দিল্লী আৰক্ষীৰ দুৰ্নীতি বিৰোধী শাখাই এখন জানানী প্ৰেৰণ কৰিছে ৷ তেওঁ দাবী কৰি কৈছিল যে তেওঁক মাতি পঠোৱা হৈছিল কাৰণ তেওঁ ৱাকফ বৰ্ডৰ এটা নতুন কাৰ্যালয় নিৰ্মাণ কৰিছিল ৷