Friday, November 8, 2024
Homeঅসমগুৱাহাটীৰ আকাশত ফাইটাৰ জেট, প্ৰদৰ্শন কৰিলে সাহসী আকাশী কৌশল

গুৱাহাটীৰ আকাশত ফাইটাৰ জেট, প্ৰদৰ্শন কৰিলে সাহসী আকাশী কৌশল

ডিজিটেল ডেস্ক, ANEWS24x7: মঙলবাৰে গুৱাহাটীৰ লাচিত ঘাটৰ ওপৰত ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব’ ৷ ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰোবেটিক দল চমুকৈ SKATএ প্ৰদৰ্শন কৰে বিমান এৰোবেটিক শ্ব’ । পুৱা ১০ বজাৰ পৰা ১১ বজালৈকে প্ৰদৰ্শন কৰা এই এয়াৰ শ্ব’ত ভাৰতীয় বায়ু সেনাৰ এটা ৯ জনীয়া দলে ভাগ লয় ৷

বায়ুসেনাৰ দলটোৱে HAWK MK-1321 বিমানৰ জৰিয়তে প্ৰায় ডেৰঘন্টা এৰোবেটিক্স শ্ব’ প্ৰদৰ্শন কৰে। Eastern Air Command আৰু অসম চৰকাৰৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এই কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয় । বায়ুসেনাৰ উক্ত কাৰ্যসূচীক উপস্থিত থাকে অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, এয়াৰ মাৰ্শ্বেল ডি. কে. পাটনায়কৰ লগতে বায়ুসেনাৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৬ ছেপ্টেম্বৰত ভুৱনেশ্বৰ আৰু ১৮ ছেপ্টেম্বৰত পুৰীৰ ব্লু ফ্লেগ বীচত এৰোবেটিক্স শ্ব’ প্ৰদৰ্শন কৰিছিল ৷ ভাৰতীয় বায়ুসেনাৰ ৫২ স্কোৱাড্ৰনৰ এটা অংশ সূৰ্য কিৰণ দলে বিগত ২৫ বছৰ ধৰি বিমান এৰোবেটিক্স প্ৰদৰ্শন কৰি আহিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments