ডিজিটেল ডেস্ক, ANEWS24X7:ৰাজস্থানত বৰ্তমানেও চলিআছে ৰাজনৈতিক উত্তেজনা ৷ কোন হ’ব ৰাজস্থানৰ পৰবৰ্তী মুখ্যমন্ত্ৰী ইয়াকলৈ ৰাজস্থানৰ ৰাজনীতিৰ সমান্তৰালকৈ দেশৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে ৷শচীন পাইলটৰ নাম পৰবৰ্তী মুখ্যমন্ত্ৰী হিচাপে চৰ্চালৈ অহাৰ পিছতে বিৰোধিতা কৰিছে ৰাজস্থানৰ একাংশ বিধায়কে ৷ শচীন পাইলটক পৰবৰ্তী মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰিলে দল ত্যাগ কৰাৰো হুংকাৰ প্ৰদান কৰিছে বিদ্ৰোহী বিধায়ক সকলে ৷
এই সন্দৰ্ভত বৃহৎ আলোচনাৰ বাবে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে আজি সন্ধিয়া দিল্লীলৈ যাব৷ গেহলটে দলৰ কেন্দ্ৰীয় নেতৃত্বক ১০২ জন বিধায়কৰ মতামতৰ বিষয়ে অৱগত কৰিব ৷ অৱশ্যে অশোক গেহলটে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হোৱাৰ কথাটো এতিয়াও বহু দূৰত ৷ কিয়নো কংগ্ৰেছৰ সভাপতি পদত নিৰ্বাচনত জয় লাভ কৰিলেহে গেহলটে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লগীয়া হ’ব আৰু তেতিয়াহে ৰাজস্থানৰ পৰবৰ্তী মুখ্যমন্ত্ৰীৰ প্ৰসংগ আহিব ৷
এই সন্দৰ্ভত ৰাজস্থানৰ মন্ত্ৰী পি এছ খাচাৰিয়াৱাছে কয় যে,‘‘মুখ্যমন্ত্ৰী গেহলটে আজিলৈকে পদত্যাগ কৰা নাই, ইয়াৰ কোনো আলোচনা হোৱা নাই ৷’’ আন এজন কংগ্ৰেছ নেতা কে চি বেণুগোপালে কয় যে,‘‘ৰাজস্থানত কোনো নাটক হোৱা নাই ৷ এদিন বা দুদিনৰ ভিতৰত সকলো স্পষ্ট হ’ব ৷ সংবাদমাধ্যমে ইয়াক নাটক আখ্যা দিব পাৰে৷যদিও আইএনচিৰ সভাপতি নিৰ্বাচনৰ বিষয়ে আলোচনা হৈ আছে ৷ আমি গণতান্ত্ৰিক ভাৱে দুই এদিনৰ ভিতৰতে সুচাৰুৰূপে সমাপ্ত হ’ব ৷’’
অৱশ্যে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ শেষলৈকে এই ৰাজনৈতিক অস্তিৰতা অব্যাহত থাকিব বুলি আশংকা কৰা হৈছে ৷ আনহাতে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত অশোক গেহলট আৰু শশী থাৰুৰ মাজত প্ৰতিদ্বন্দিতা হোৱাৰ প্ৰৱল সম্ভাৱনা আছে ৷ সভাপতিৰ দৌৰৰ পৰা বাদ পৰিছে কংগ্ৰেছৰ কেইবাজনো নেতাৰ নাম ৷ এই দৌৰৰ পৰা বাদ পৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকা অৰ্জুন খৰ্গে , এ কে এন্টনী , কমল নাথ , দিগ্বিজয় সিং , অম্বিকা চোনি আৰু পৱন কুমাৰ বানচালৰ নাম ৷ এক সূত্ৰৰ খবৰ অনুসৰি ৩০ ছেপ্টেম্বৰত মনোনয়ন পত্ৰ দাখিল কৰিব শশী থাৰুৰে ৷