Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব পাৰে কিমজং উনে:দক্ষিণ কোৰিয়া

পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব পাৰে কিমজং উনে:দক্ষিণ কোৰিয়া

ডিজিটেল ডেস্ক, ANEWS24X7: উত্তৰ কোৰিয়াৰ শাসক কিমজং উন সাজু হৈছে পুনৰ পাৰমাণৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে ৷উত্তৰ কোৰিয়াই পুনৰ পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব পাৰে ৷

এই আশংকা প্ৰকাশ কৰিছে দক্ষিণ কোৰিয়াৰ চোৰাংচোৱা সংস্থাই ৷ দক্ষিণ কোৰিয়াই সংবাদ সংস্থা ইৰোনহাপে এই সন্দৰ্ভত বুধবাৰে এক সংবাদ পৰিৱেশন কৰিছে৷দক্ষিণ কোৰিয়াৰ চোৰাংচোৱা সংস্থাৰ তথ্য অনুসৰি উত্তৰ কেৰিয়াই ১৬ অক্টোৰৰ পৰা ৭ নৱেম্বৰৰ ভিতৰত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে , চলিত মাহৰ আৰম্ভণিতে উত্তৰ কোৰিয়াই আত্মৰক্ষাৰ বাবে আগতীয়াকৈ পাৰমাণৱিক আক্ৰমণ কৰাৰ বাবে এক নতুন আইন গৃহীত কৰিছে ৷ ইয়াকে লৈ শংকিত হৈ পৰিছে দক্ষিণ কোৰিয়া ৷ উত্তৰ কোৰিয়াই ২০১৭ চনত অন্তিমবাৰ পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments