নিউজ ডেস্ক: সৰ্বভাৰতীয় ফুটবল ফেডাৰেছনৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইতিমধ্যে কেন্দ্ৰীয়মন্ত্ৰী সোণোৱালে অসম ফুটবল এছ’চিয়েচনৰ আগত সৰ্বভাৰতীয় ফুটবল ফেডাৰেছনৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ৷ অৱশ্যে এই পৰ্যন্ত কেন্দ্ৰীয়মন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমৰ আগত এই কথা আনুষ্ঠানিকভাবে ঘোষণা কৰা নাই ৷ আনহাতে ফুটবল ফেডাৰেছনৰ একাংশই ভাৰতীয় ফুটবল দলৰ প্ৰক্তন অধিনায়ক বাইচুং ভুটিয়াক সভাপতি পাতিবৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে ৷ ভাৰতীয় ফুটবল দলৰ প্ৰক্তন অধিনায়ক বাইচুং ভুটিয়াও ফেডাৰেছনৰ সভাপতি পদত প্ৰতিদ্বন্দিতা কৰিবৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে ৷ কিছুদিন পূৰ্বে বাইচুং ভুটিয়াই ফুটবল ফেডাৰেছনৰ সভাপতি সন্দৰ্ভত মন্তব্য কৰি কয় যে , ‘‘মই এজন ফুটবলখেলুৱৈকহে ফেডাৰেচনৰ সভাপতি হিচাপে বিচাৰে ৷ তেতিয়াহে ভাৰতীয় ফুটবলৰ উন্নতি হ’ব ৷’’ উল্লেখ্য যে সৰ্বভাৰতীয় ফুটবল ফেডাৰেছনৰ সভাপতি পদত প্ৰতিদ্বন্দিতা কৰিবৰ বাবে অহা ১৭ আগষ্টৰ পৰা ১৯ আগষ্টৰ ভিতৰত মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব ৷ ২৫ আগষ্টত প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছত ২৮ আগষ্টত ফেডাৰেছনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চূড়ান্ত ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে ৷ এইবাৰৰ সৰ্বভাৰতীয় ফুটবল ফেডাৰেছনৰ নিৰ্বাচনত ৩৬ খন ৰাজ্যৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যিক সংগঠনৰ প্ৰতিনিধিৰ ওপৰিও , ৩৬ জন প্ৰাক্তন ফুটবলাৰে ভোট দান কৰিব ৷ ইয়াৰে ২৪ জন প্ৰাক্তন পুৰুষ ফুটবলাৰ আৰু ১২ গৰাকী মহিলা ফুটবলাৰ ৷