ডিজিটেল ডেস্ক, ANEWS24X7: দুৰ্গা পূজাৰ প্ৰথম দিনটোত দেশবাসীলৈ আহিল এটা ভাল খবৰ।আজিৰে পৰা দেশত আৰম্ভ হৈছে 5G সেৱা । প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে শুভাৰম্ভ কৰিলে 5G ইন্টাৰনেট সেৱা।নতুন দিল্লীৰ প্রগতি ময়দানত ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ বিশেষ অনুষ্ঠানত 5G ইন্টাৰনেট সেৱা শুভাৰম্ভ কৰা হয় ।
দিল্লী আৰু মুম্বাইকে ধৰি দেশৰ সাতখন চহৰত ৰিলায়েন্স জিঅ’ , এয়াৰটেল আৰু ভি ভ’ডাফোন-আইডিয়াৰ দ্বাৰা 5G সেৱা প্ৰদান কৰা হ’ব । বৰ্তমান 4G সেৱাত গ্ৰাহক সকলে ৬০ Mbps গতিত লাভ কৰাৰ বিপৰিতে 5G সেৱাত ১০০ Mbps গতিত ইন্টাৰনেট সেৱা লাভ কৰিব । ২০২৩ চনৰ ডিচেম্বৰ মাহত সমগ্র দেশতে 5G ইন্টাৰনেট সেৱা সম্প্রসাৰণ কৰা হ’ব ।
উল্লেখ্য যে মেকইন ইণ্ডিয়াৰ দ্বাৰা 5G ইন্টাৰনেট সেৱা বিকশিত কৰা পিছত দেশবাসীৰ বাবে মুকলি কৰি দিয়া হৈছে । কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক সকলোৱে শলাগ লৈছে ।5G ইন্টাৰনেট সেৱাৰ দ্বাৰা ডিজিটেল ভাৰত আৰু দ্ৰুত গতিত বিকাশ হ’ব বুলি ধাৰণা কৰা হৈছে ।