Monday, July 7, 2025
Homeৰাজনৈতিকভাৰতীয় বায়ু সেনাত নতুন সংযোগ 'প্ৰচণ্ড'

ভাৰতীয় বায়ু সেনাত নতুন সংযোগ ‘প্ৰচণ্ড’

ডিজিটেল ডেস্ক, ANEWS24X7: ভাৰতীয় বায়ু সেনাত নতুন সংযোগ ৷ সোমবাৰে ভাৰতীয় বায়ু সেনাই মুকলি কৰিলে ঘৰুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা লাইট কম্বেট হেলিকপ্তাৰ ।

যোধপুৰত আয়োজিত এক অনুষ্ঠানত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আনুষ্ঠানিক ভাবে উদ্বোধন কৰে ঘৰুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা লাইট কম্বেট হেলিকপ্তাৰ ‘প্ৰচণ্ড’। উক্ত অনুষ্ঠানত উপস্থিত থাকে এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধাৰী ।

যুজাৰু হেলিকপ্তাৰ খন উদ্বোধন কৰি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, ‘‘লাইট কম্বেট হেলিকপ্তাৰ কেইখনে দেশৰ প্ৰতিৰক্ষা বিভাগক অধিক শক্তিশালী কৰি তুলিব । নৱৰাত্ৰিৰ মাজতেই বীৰ যোদ্ধাৰ ভূমি ৰাজস্থানত এই হেলিকপ্তাৰ কেইখন উদ্বোধন কৰাৰ ব্যৱস্থাই সোণত সুৱগা চৰালে ৷’’ চীফ এয়াৰ মাৰ্শ্বেল ভি আৰ চৌধাৰীয়ে এই সন্দৰ্ভত কয় যে , ‘‘হেলিকপ্তাৰ কেইখনে ইতিমধ্যেই হিমালয় পৰ্বতৰ নিকটৱৰ্তী অঞ্চল সমূহত নিজৰ দক্ষতাৰ প্ৰমাণ দিছে ৷’’

উল্লেখ্য যে,হিন্দুস্তান এৰ’নটিক লিমিটেড আৰু ফৰাচী ইঞ্জিন নিৰ্মাতা চেফ্ৰ’নে নিৰ্মান কৰি উলিওৱা এই হেলিকপ্তাৰ খন ১৬,৪০০ ফুট উচ্চতাত অস্ত্ৰ আৰু ইন্ধনলৈ অনায়াসে উৰিব বা অৱতৰণ কৰিব পাৰে ৷ ই ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments