ডিজিটেল ডেস্ক, ANEWS24X7: নৱৰাত্ৰিৰ আজি অন্তিমটো দিব ৷ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা নৱৰাত্ৰিৰ অন্তিমটো দিন বা নৱমীৰ দিনা কুমাৰী পূজা কৰা হয় ৷ নৱমীৰ দিনা ৯ গৰাকী কুমাৰীক দেৱী দুৰ্গাৰ ৯টা ৰূপ হিচাপে পূজা কৰা হয় ৷
নৱৰাত্ৰিৰ অন্তিমটো দিনত মা সিদ্ধিদাত্ৰীক পূজা কৰ হয় ৷এক ধৰ্মীয় বিশ্বাস অনুসৰি মহাদেৱ শিৱই সিদ্ধি প্ৰাপ্তিৰ বাবে দেৱী সিদ্ধিদাত্ৰীৰ পূজা কৰিছিল ।মা সিদ্ধিদাত্ৰীৰ উপাসনা কৰিলে সকলো ধৰণৰ সিদ্ধি প্ৰাপ্ত হয় আৰু পৰিপূৰ্ণতা আহে। সকলোৰে পৰা স্বাধীনতা লাভ কৰিব পৰা যায় ।
মা সিদ্ধিদাত্ৰী পদুম ফুলৰ ওপৰত আসন গ্ৰহণ কৰে । মা সিদ্ধিদাত্ৰীৰ বাহন হৈছে সিংহ । মা সিদ্ধিদাত্ৰীৰ পূজা অৰ্চনা কৰিলে ব্যক্তিৰ সকলো ধৰণৰ সংসাৰিক আৰু অতিক্ৰমণীয় কামনা পূৰণ হয় বুলি জন বিশ্বাস আছে। মা সিদ্ধিদাত্ৰীয়ে ভক্তৰ প্ৰতিটো ইচ্ছা পূৰণ কৰে । মাতৃক আন্তৰিক হৃদয়েৰে পূজা কৰিলে অনিমা, লধিমা, প্ৰাপ্তি, প্ৰকাশ্য, মহিমা, ইশিত্ব, সৰ্বকামবসায়িতা, দূৰ শ্ৰৱণ, পৰকাম প্ৰৱেশ, বকসিদ্ধ, অমৰত্ব ভৱন সিদ্ধি আদি নব নিধিৰ প্ৰাপ্তি হয়।
নৱমীৰ পূূূূূূজা বিধিঃ
আজি নৱৰাত্ৰিৰ অন্তিমটো দিন । আজিৰ দিনটোতে মৰ্তৰ পৰা মা দূৰ্গাক বিদায় দিয়া হয়।আজিৰ দিনটোত পুৱা সোনকালে উঠি গা ধোৱাৰ পিছত মা দুৰ্গা দেৱীৰ বেদী স্থাপন কৰিব লাগে । বেদী স্থাপন কৰি মা সিদ্ধিদাত্ৰীৰ মূৰ্তি স্থাপন কৰি মা সিদ্ধিদাত্ৰীক পুষ্প অৰ্পণ কৰিব লাগে । তাৰ পিছত নৈবেধ অৰ্পণ কৰাৰ লাগে লগতে ডালিম ফল অৰ্পণ কৰিব লাগে। মিঠাই, পঞ্চামৃত আৰু ঘৰতে তৈয়াৰ কৰা ব্যঞ্জন মা সিদ্ধিদাত্ৰীক আগবঢ়াওক । আজিৰ দিনটোত হোম যজ্ঞও কৰা হয় । শাস্ত্ৰমতে আজিৰ দিনটোত কন্যা পূজনো কৰা হয় । এনে কৰিলে মা প্ৰসন্ন হয় ৷
মা সিদ্ধিদাত্ৰীক পূজাৰ মন্ত্ৰঃ
য়া দেৱী সৰ্বভূতেশু মা সিদ্ধিদাত্ৰী ৰোপেন সংস্থিতা
নমস্তাস্যই নমস্তাস্যই নমস্তাস্যই নমো নমঃ