ডিজিটেল ডেস্ক, ANEWS24X7: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভালৈ গ’লে সাংবাদিক সকলে দাখিল কৰিব লাগিব চৰিত্ৰৰ প্ৰমাণপত্ৰ ৷প্ৰধানমন্ত্ৰী মোডীৰ বৈঠকৰ নিউজ সম্প্ৰচাৰ কৰিবৰ বাবে যোৱা সাংবাদিক সকলে দাখিল কৰিব লাগিব চৰিত্ৰৰ প্ৰমাণপত্ৰ ৷ হিমাচল প্ৰদেশ চৰকাৰে সাংবাদিক সকললৈ জাৰি কৰিছে এই নতুন নিৰ্দেশনা ৷
এই নিৰ্দেশনাৰ পৰা বাদ নপৰিল অল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শনৰ দৰে চৰকাৰী সংবাদ মাধ্যমৰ সাংবাদিকসকলো ৷ হিমাচল প্ৰদেশ চৰকাৰৰ এই নিৰ্দেশনাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ ৷
অহা বুধবাৰে হিমাচল প্ৰদেশ ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী মোডী ৷প্ৰধানমন্ত্ৰী মোডীয়ে অংশগ্ৰহণ কৰিব এক নিৰ্বাচনী প্ৰচাৰ সভাত৷ এই কৰ্যসূচীত উপস্থিত থাকিব বিচৰা সাংবাদিক সকলকলৈ জাৰি কৰিছে বিশেষ সুৰক্ষা অনুমতি ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বাবে সাংবাদিক সকলক প্ৰয়োজন হ’ব অনুজ্ঞাপত্ৰৰ ৷ অনুজ্ঞাপত্ৰ আবেদনৰ বাবে চৰিত্ৰৰ প্ৰমাণপত্ৰ বাধ্যতামূলক কৰিছে প্ৰশাসনে৷
হিমাচল চৰকাৰৰ এই নিৰ্দেশনাক তীব্ৰ গৰিহণা দিছে বিৰোধী কংগ্ৰেছ দলে ৷ প্ৰশাসনৰ এই নিৰ্দেশনাক গণতন্ত্ৰৰ কণ্ঠৰোধৰ প্ৰয়াস বুলি অভিহিত কৰিছে ৷ উল্লেখ্য যে চলিত বৰ্ষৰ শেষত অনুষ্ঠিত হ’ব হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচন৷ইতিমধ্যে বিজেপি দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷