Thursday, November 7, 2024
Homeৰাজনৈতিকজম্মুত সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা, কৰ্তন কৰা হৈছে ইন্টাৰনেট

জম্মুত সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা, কৰ্তন কৰা হৈছে ইন্টাৰনেট

ডিজিটেল ডেস্ক,ANEWS24X7: জম্মুত কৰ্তন কৰা হৈছে ইন্টাৰনেটসেৱা । জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান (কাৰগাৰ) হেমন্ত কুমাৰ লোহিয়াৰ হত্যাৰ পিছতে জম্মু আৰু ইয়াৰ কাষৰীয়া ৰজৌৰী জিলাত বন্ধ কৰা দিয়া হৈছে ইন্টাৰনেট সেৱা । জ্যেষ্ঠ আৰক্ষী বিষয়া হেমন্ত কুমাৰ লোহিয়াৰ হত্যাৰ দ্বায়িত্ব স্বীকাৰ কৰিছে লস্কৰ-ই-তৈবাৰ ভাৰতীয় শাখা পিপলছ এন্টি-ফেচিষ্ট ফ’ৰ্চে ।

এই ঘটনা সংঘটিত হোৱাৰ কেইঘন্টামান পূৰ্বে জম্মুত উপস্থিত হৈছিল দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । মঙলবাৰে পুৱা বৈষ্ণৱদেৱী মন্দিৰ দৰ্শন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । বুধবাৰে বাৰামুলাত এক ৰেলী সম্বোধন কৰিব । কেন্দ্ৰীয়গৃহমন্ত্ৰীৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়ত সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ইন্টাৰনেট কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জম্মু-কাশ্মীৰ প্ৰশাসনে ।

উল্লেখ্য যে ২০১৯ চনৰ আগষ্ট মাহত অনুচ্ছেদ ৩৭০ বাতিল কাৰৰ পিছতে জম্মু-কাশ্মীৰত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে । উচ্চতম ন্যায়ানয়ে ইন্টাৰনেট কৰ্তনৰ সিদ্ধান্তকলৈ বহুবাৰ উদ্বেগ প্ৰকাশ কৰিছে । ইয়াৰ পিছতো দেশৰ নিৰাপত্তা আৰু সুৰক্ষাৰ স্বাৰ্থত এনেধৰণৰ সিদ্ধন্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে প্ৰশাসন ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments