ডিজিটেল ডেস্ক, ANEWS24X7: এজাক বৰষুণতে জলমগ্ন হ’ল মায়ানগৰী মুম্বাই ৷ শনিবাৰে পুৱা অহা এজাক মুষলধাৰ বৰষুণৰ ফলত ব্যাহত হৈ পৰে মুম্বাইৰ সাধাৰণ জনজীৱন ৷ বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে কেইবাটাও অঞ্চল ৷
ৰাজপথত একাঁঠু একাঁঠু পানীৰ মাজেৰে যাবলগীয়া হৈছে যানবাহন৷
উল্লেখ্য যে শনিবাৰে পুৱা বতৰ বিজ্ঞান কেন্দ্ৰ আগন্তুক ২৪ ঘণ্টাত মুম্বাই চহৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বজ্ৰপাতৰ সৈতে মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল । বতৰ বিজ্ঞান কেন্দ্ৰৰ ভৱিষ্যতবাণী অনুসৰি গোটেই দিনটো মুম্বাইৰ আকাশ ডাৱৰীয়া হৈ থাকিব।বৰষুণৰ সৈতে বতাহ বলিব ৷