Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়জম্মু-কাশ্মীৰ ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আমেৰিকাৰ 

জম্মু-কাশ্মীৰ ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আমেৰিকাৰ 

ডিজিটেল ডেস্ক, ANEWS24X7: ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত নিজৰ দেশৰ নাগৰিক সকলক অধিক সতৰ্ক হ’বলৈ নিৰ্দেশনা জাৰি কৰিছে আমেৰিকাই ৷ আমেৰিকাৰ নাগৰিক সকলক বিশেষকৈ জম্মু আৰু কাশ্মীৰলৈ ভ্ৰমণ নকৰিবলৈ নিৰ্দেশনা জাৰী কৰিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰালয়ে জাৰি কৰিছে নিৰ্দেশনা ৷

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি , ‘‘ ভাৰতত ধৰ্ষণৰ দৰে অপৰাধৰ ঘটনা বৃদ্ধি পাইছে ৷ পৰ্যটন স্থলীসমূহতো যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে ৷ সেইকাৰণে পৰ্যটকসকলে সাৱধান হোৱা প্ৰয়োজন ৷’’

‘‘নিৰ্দেশনাটোত জম্মু-কাশ্মীৰৰ নাম বিশেষভাবে উল্লেখ কৰা হৈছে ৷ পৰ্যটক সকলক জম্মু আৰু কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চললৈ নাযাবলৈ কোৱা হৈছে। ভাৰত-পাকিস্তান সীমান্তৰ ১০ কিলোমিটাৰ ভিতৰত উত্তেজনা বৃদ্ধি পাইছে । সন্ত্ৰাসবাদ আৰু অস্থিৰতা তাত সংঘটিত হয়। উগ্ৰপন্থীসকলে যিকোনো সময়তে আক্ৰমণ চলাব পাৰে। পৰ্যটন কেন্দ্ৰসমূহত উগ্ৰপন্থীয়ে যিকোনো সময়ত আক্ৰমণ কৰিব পাৰে।’’

অৱশ্যে আমেৰিকাৰ এই নিষেধাজ্ঞাত কেন্দ্ৰীয় শাসীত অঞ্চল লাডাখৰ নাম নাই ৷ পৰ্যটক সকলক লাডাখ ভ্ৰমণ সন্দৰ্ভত আমেৰিকাই কোনোধৰণ নিৰ্দেশনা জাৰি কৰা নাই ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments