Monday, July 7, 2025
Homeৰাজনৈতিকবার্ধক্যই গ্ৰাহ কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক, প্ৰশান্ত কিশোৰ

বার্ধক্যই গ্ৰাহ কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক, প্ৰশান্ত কিশোৰ

ডিজিটেল ডেস্ক, ANEWS24X7: বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল একালৰ সহযোগি তথা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ ৷ শনিবাৰে জেডি ইউৰ প্ৰাক্তন নেতাজনে বিহাৰৰ পূৱ চম্পাৰণত এক ৰেলীত অংশগ্ৰহণ কৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে এটাৰ পিছত আনটো আক্ৰমণ কৰে ৷

নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক আক্ৰমণ কৰি কয় যে ,‘‘জেডি ইউৰ নেতাসকলে ৰাজনৈতিকভাৱে বিচ্ছিন্ন হোৱাৰ ভয়ত তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে যথেষ্ট কথা পাতি আছে৷নীতিশ কুমাৰ বৰ্তমান হতাশাগ্ৰস্ত অৱস্থাত আছে ৷ বার্ধক্যই গ্ৰাহ কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ৷’’

প্ৰশান্ত কিশোৰে লগতে কয় যে ,‘‘ বয়সে লাহে লাহে নীতিশজীৰ ওপৰত প্ৰভাৱ পেলাইছে ৷ নীতিশজীয়ে আগতে কৈছিল যে মই বিজেপিৰ এজেন্ট হৈ কাম কৰি আছো ৷ মই তেওঁক কৈছিলো কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ ৷ এই দুটা বস্তু একেলগে কেনেকৈ সম্ভৱ? মই যদি বিজেপিৰ কাৰ্যসূচীত কাম কৰো তেন্তে কিয় কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ ক’ম ? আচলতে তেওঁৰ বয়স বৃদ্ধি হৈছে ৷’’

উল্লেখ্য যে, বিজেপিৰ লগত মিত্ৰতা ভংগ কৰি নীতিশ কুমাৰে ১০ আগষ্টত বিহাৰৰ মহাগঠবন্ধলৈ উভতি আহিছে ৷ ইয়াৰ পিছতে প্ৰশান্ত কিশোৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক উপহাস কৰিবলৈ আৰম্ভ কৰে ৷ কিশোৰে দাবী কৰে যে নীতিশ কুমাৰে তেওঁক পুনৰ জেডি ইউত যোগদান কৰিবলৈ অনুৰোধ কৰিছে ৷ কিশোৰৰ এই দাবীৰ পিছতে পুনৰ আৰম্ভ হৈছে কুমাৰ আৰু কিশোৰৰ বাকযুদ্ধ ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments