ডিজিটেল ডেস্ক, ANEWS24X7: গৰুক ৰাষ্ট্ৰীয় জন্তু ঘোষণা কৰাৰ আবেদন অগ্ৰাহ্য কৰিলে উচ্চতম ন্যায়ালয়ে৷ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ কে কৌলৰ বিচাৰপীঠে নাকচ কৰে এই বিশেষ আবেদন ৷
উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কয় যে , ‘‘ ভাৰতৰ গৰু সুৰক্ষা অতি গুৰুত্বপূৰ্ণ ৷ ইয়াৰ প্ৰস্ৰাৱ আৰু গোবৰ কৃষি কৰ্মৰ বাবে ব্যৱহাৰ কৰা হয় ৷ গৰুবোৰ সুৰক্ষিত কৰিব লাগিব ৷ কিন্তু ৰাষ্ট্ৰীয় পশু ঘোষণা কৰাটো আদালতৰ কাম নহয় ৷’’
উল্লেখ্য যে গৰুক সুৰক্ষিত কৰিবলৈ আৰু ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল একাংশ সংগঠনে ৷ উচ্চতম ন্যায়ালয়ে এই আবেদন খাৰিজ কৰি নিৰ্দেশা দিয়াৰ পৰা বিৰত থাকে ৷