Thursday, November 7, 2024
Homeবাণিজ্যবজাৰলৈ আহিল টয়টাৰ ইথানল চালিত বাহন

বজাৰলৈ আহিল টয়টাৰ ইথানল চালিত বাহন

ডিজিটল ডেস্ক, ANEWS24X7: দেশত মুকলি কৰা হ’ল প্ৰথমখন ইথানল চালিত চাৰিচকীয়া বাহন ৷ মঙলবাৰে কেন্দ্ৰীয়মন্ত্ৰী নীতিন গাডকাৰীয়ে দেশৰ বজাৰৰ বাবে মুকলি কৰিলে এই বিশেষ বাহনখন ৷

পেট্ৰল-ডিজেলৰ বৰ্ধিত মূল্যৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হ’ব ইথানলত চালিত বাহনখন ৷ এই বাহনখনৰ ইন্ধনৰ মূল্য কম হোৱাৰ লগতে তুলনামূলক ভাবে বায়ু প্ৰদূৰ্ষণৰ পৰিমাণো বহু গুণে কম ৷

উল্লেখ্য যে, কুঁহিয়াৰৰ পৰা ইথানেল উৎপাদন কৰা হয় ৷ সমগ্ৰ বিশ্বৰ ভিতৰত আটাইতকৈ বেছি কুঁহিয়াৰ খেতি ভাৰতত কৰা হয় ৷ ইয়াৰ ফলত ভাৰতত পৰ্যাপ্ত পৰিমাণৰ ইথানেল উৎপাদন কৰিব পৰা যাব ৷ ভাৰতত টয়টা কোম্পানীয়ে পায়লট প্ৰজেক্টৰ অধীনত ইথানেল চালিত FFV-SHEV বাহনখন মুকলি কৰিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments