Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়বন্ধু ৰাষ্ট্ৰ ৰাছিয়াৰ বিৰুদ্ধে এইবাৰ ভাৰত

বন্ধু ৰাষ্ট্ৰ ৰাছিয়াৰ বিৰুদ্ধে এইবাৰ ভাৰত

ডিজিটেল ডেস্ক, ANEWS24X7: ৰাষ্ট্ৰসংঘত এইবাৰ বন্ধু ৰাষ্ট্ৰ ৰাছিয়াৰ বিৰুদ্ধে ভোটদান কৰিলে ভাৰতে ৷ ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰা বিমান আক্ৰমণৰ বিৰোধিতা কৰি ৰাষ্ট্ৰসংঘত উত্থাপন কৰা ৰাছিয়া বিৰোধী প্ৰস্তাৱত ভোটদান কৰিলে ভাৰতে ৷ ৰাছিয়াৰ এই আক্ৰমণকলৈ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৷

বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত থকা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই সন্দৰ্ভত কয় যে, ‘‘ যি ধৰণে নিৰীহ লোকৰ জীৱন লোৱা হৈছে আৰু আন্তঃগাঁথনি সমূহক লক্ষ্য কৰি লোৱা হৈছে ইয়াক বিশ্বৰ কোনো অংশই গ্ৰহণ নকৰে ৷’’

ভাৰতৰ শেহতীয়া এই স্থিতিক কূটনৈতিক ভাৰাসাম্য ৰক্ষা কৰা ভাৰতৰ নতুন কৌশল বুলি অভিহিত কৰিছে ৷ একাংশ কূটনৈতিক সমালোচকৰ মতে ৰাষ্ট্ৰসংঘত এজন অন্ধ ব্যক্তিৰ দৰে বন্ধু ৰাষ্ট্ৰ ৰাছিয়াৰ প্ৰতি বাৰে বাৰে আনুগত্য প্ৰকাশ কৰাটো ভাৰতৰ বাবে অস্বস্তিৰ বিষয় হৈ পৰিছে ৷ ৰাছিয়া আৰু আমেৰিকাৰ মাজত নিজৰ কূটনৈতিক ভাৰসাম্য বজাই ৰাখিবৰ বাবে ভাৰতে শেহতীয়াকৈ এই পদক্ষেপ গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে ভাৰতে বিগত ৬ মাহ ধৰি ৰাছিয়াৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি আহিছে ৷ আনহাতে প্ৰতিটো বিপদৰ সময়ত ভাৰতৰ কাষত থিয় দি আহিছে ৰাছিয়া ৷ ৰাছিয়াই অতি কম মূল্যত ভাৰতক খাৰুৱা তেল প্ৰদান কৰি আহিছে ৷ ৰাছিয়াক হিংসা পৰিহাৰ কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেইবা বাৰো আহ্বান জনাইছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments