Sunday, July 6, 2025
Homeআন্তজাৰ্তিকপুনৰ ভূমিকম্পই জোকাৰি গ'ল নেপালৰ ৰাজধানী কাঠমাণ্ডু!

পুনৰ ভূমিকম্পই জোকাৰি গ’ল নেপালৰ ৰাজধানী কাঠমাণ্ডু!

ডিজিটেল ডেস্ক, ANEW24X7: বুধবাৰে ৫.১ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ লগতে চুবুৰীয়া অঞ্চলসমূহ। আবেলি ৩:০৭ বজাত কাঠমাণ্ডু উপত্যকা আৰু চুবুৰীয়া জিলাসমূহত সংঘটিত হৈছিল ভূমিকম্পটো। ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল সিন্ধুপালচক জিলাৰ নেপাল-চীন সীমান্তৰ ওচৰত।

 

ভূমিকম্পৰ ফলত অঞ্চলটোৰ বহুলোক সুৰক্ষাৰ বাবে ঘৰ এৰি পলাই গৈছিল। বাতৰি লিখাৰ সময়লৈকে ক্ষয়ক্ষতি বা হতাহত হোৱাৰ কোনো খবৰ পোৱা হোৱা নাই।

২০১৫ চনৰ এপ্ৰিলত নেপালত সংঘটিত হৈছিল ৭.৮ প্ৰাবল্যৰ ভূমিকম্প। যাৰ ফলত প্ৰায় ৯,০০০ লোক নিহত হৈছিল আৰু প্ৰায় ২২,০০০ লোক আহত হৈছিল। লগতে ৮০০,০০০ ৰো অধিক ঘৰ আৰু বিদ্যালয়ৰ ক্ষতি হৈছিল

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments