Sunday, July 6, 2025
Homeআন্তঃৰাষ্ট্ৰীয়ভাৰতীয় নাগৰিকক ইউক্ৰেইন ত্যাগ কৰিবলৈ পৰামৰ্শ বিদেশ মন্ত্ৰালয়ৰ

ভাৰতীয় নাগৰিকক ইউক্ৰেইন ত্যাগ কৰিবলৈ পৰামৰ্শ বিদেশ মন্ত্ৰালয়ৰ

ডিজিটেল ডেস্ক, ANEWS24X7: ক্ৰমাত আৰু অধিক অস্থিৰ হৈ পৰিছে যুদ্ধ জৰ্জৰিত ইউক্ৰেইনৰ পৰিস্থিতি ৷ যিকোনো মুহূৰ্ততে ইউক্ৰেইনত সংঘটিত হ’ব পাৰে আৰু অধিক ভয়ংকৰ আক্ৰমণ ৷ আশংকা কৰা হৈছে ৰাছিয়াই পাৰমাণৱিক বুমাৰে ইউক্ৰেইন আক্ৰমণ কৰিব পাৰে ৷

এনে পৰিস্থিতিত ইউক্ৰেইনত থকা ভাৰতীয় নাগৰিক সকলকলৈ সতৰ্কতা জাৰি কৰিছে ভাৰত চৰকাৰে ৷বুধবাৰে যুদ্ধৰ পৰিৱেশ অৱনতিৰ কথা আশংকা কৰি বিদেশ মন্ত্ৰালয়ে ভাৰতীয় নাগৰিক সকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ইউক্ৰেইন ত্যাগ কৰিবলৈ পৰামৰ্শ দিছে ৷

উল্লেখ্য যে , গণভোটৰ জৰিয়তে ৰাছিয়াই ইউক্ৰেইনৰ ১৫ শতাংশ ভূমি দখল কৰিছে ৷ গণভোটৰ জৰিয়তে ইউক্ৰেইনৰ চাৰিটা অঞ্চল ৰাছিয়াত সংযুক্ত কৰা হৈছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments