ডিজিটেল ডেস্ক, ANEWS24X7: ভাৰতীয় জাতীয় কংগ্ৰেছৰ জেষ্ঠনেতা মল্লিকাৰ্জুন খাৰ্গে বুধবাৰে সভাপতি পদৰ দ্বায়িত্বভাৰ গ্ৰহণ কৰে। জেষ্ঠ কংগ্ৰেছী নেতা শশী থাৰুৰক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে মল্লিকাৰ্জুন খাৰ্গেই।
বুধবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ত নৱ নিৰ্বাচিত সভাপতি দ্বায়িত্বভাৰ গ্ৰহণ কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনীয়া গান্ধী ।
মল্লিকাৰ্জুন খৰ্গে দ্বায়িত্ব গ্ৰহণ কৰাৰ পিছত কংগ্ৰেছ পুনৰ প্ৰাণ পায় উঠিব বুলি আশা প্ৰকাশ কৰিছে কংগ্ৰেছৰ নেতা কৰ্মী সকলে ৷ দীৰ্ঘদিনৰ অন্তত কংগ্ৰেছে এগৰাকী গান্ধী পৰিয়ালৰ বাহিৰৰ লোক সভাপতি হিচাপে লাভ কৰিছে ৷
দ্বায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনীয়া গান্ধীয়ে কয় যে ,‘‘খাৰ্গেৰ নেতৃত্বই ভাৰতীয় জাতীয় কংগ্ৰেছক আৰু অধিক শক্তিশালী কৰি তুলিব