Friday, November 8, 2024
Homeউত্তৰ-পূৱঅৰুণাচল প্ৰদেশৰ বিধায়ক জাম্বে তাছিৰ মৃত্যু, মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ শোক প্ৰকাশ

অৰুণাচল প্ৰদেশৰ বিধায়ক জাম্বে তাছিৰ মৃত্যু, মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ শোক প্ৰকাশ

ডিজিটেল ডেস্ক, ANEWS24X7: অৰুণাচল প্ৰদেশৰ বিধায়ক জাম্বে তাছিৰ মৃত্যু ৷ বুধবাৰে মহানগৰী গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় অৰুণাচলৰ বিধায়কগৰাকী ৷ অৰুণাচলপ্ৰদেশৰ টাৱাঙৰ ১-লুমলা সমষ্টিৰ বিধায়ক আছিল জাম্বে তাছিৰ ৷ মৃত্যুৰ সময়ত বিধায়ক জাম্বে তাছিৰ বয়স আছিল ৪৮ বছৰ ৷

১৯৭৮ চনৰ ৭ অক্টোবৰত জন্মগ্ৰহণ কৰা তাছিয়ে ২০০৯ চনৰ পৰা একেৰাহে তিনিবাৰৰ বাবে লুমলা বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৷ ২০০৯ চনত জাম্বে তাছিয়ে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ১-লুমলা বিধানসভা সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল। ২০১৪ চনৰ পুনৰ কংগ্ৰেছৰ টিকটত জয় লাভ কৰিছিল । ২০১৯ চনৰ বিধান সভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে জয় লাভ কৰিছিল ।

জাম্বে তাছি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সম্পৰ্কীয় ভাতৃ। বিধায়ক জাম্বে তাছিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে এক টুইট কৰি কয় যে, “লুমলা বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক তথা মোৰ ভাতৃ জাম্বে তাছিজীৰ মৃত্যু মোৰ বাবে এক বৃহৎ ব্যক্তিগত ক্ষতি আৰু এই দুৰ্ঘটনাত মই গভীৰভাৱে দুখিত।” তাছিৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৱেও ৷ এক টুইটা যোগে শোকপ্ৰকাশ কৰে কিৰেন ৰিজিজুৱে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments