ডিজিটেল ডেস্ক, ANEWS24X7: আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ১১ সংখ্যক মৃত্যু তিথি ৷ ২০১১ চনৰ আজিৰ দিনটোতে কলজয়ী শিল্পী গৰাকীৰ মৃত্যু হৈছিল । মহান শিল্পী গৰাকীক স্মৰণ কৰি সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে একাদশ মৃত্যু বাৰ্ষিকী । বিশ্ববিশ্ৰুত শিল্পী ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা কেৱল অসমৰেই নহয় , সমগ্ৰ ভাৰতবৰ্ষৰ কলা – সংস্কৃতিৰ জগতত বহুমুখী সৃষ্টি -প্ৰতিভাৰে উদ্ভাসিত এক উজ্বল ৰত্ন। সমন্বয়ৰ সেতু গঢ়া মহান শিল্পী গৰাকীক বিশ্বৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাৰে স্মৰণ কৰা হৈছে ।
অসমৰ গৌৰৱ ভূপেন হাজৰিকাই অসমীয়া ভাষাৰ লগতে হিন্দী আৰু বাংলা ভাষাতো বহু গীত গাইছিল। তেওঁ অসমীয়াৰ পৰা আৰম্ভ কৰি হিন্দী আৰু বাংলা চিনেমাৰ সংগীত ক্ষেত্ৰখনৰ এক চিৰপৰিচিত নাম যিয়ে কেৱল শ শ চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰাই নহয়, বহুতো গানত নিজৰ কণ্ঠৰ যাদু বিয়পাইছিল। ভূপেন হাজৰিকা বঙালী আৰু অসমীয়াৰ বন্ধুত্বৰ সেতু ।অসমত ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টি ”মানুহে মানুহৰ বাবে”ৰ দৰে বাংলাদেশত ”মানুষ মানুষেৰ জন্য’’ জনপ্ৰিয়। শনিবাৰে ভাৰতৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বংলাদেশতো আয়োজন কৰা হৈছে ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বাৰ্ষিকী ।
বাংলাদেশ শিল্পকলা একাডেমীয়ে ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজন কৰিছে বাৰেবৰণীয়া সাংস্কৃতিক কাৰ্যসূচী ।শনিবাৰে সন্ধিয়া ৬ বজাত একাডেমীৰ ৰাষ্ট্ৰীয় চিত্ৰশালা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই কাৰ্যসূচী।এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে বাংলাদেশ চৰকাৰে অসমৰ পৰা এটা ২০ জনীয়া প্ৰতিনিধিৰ দল আমন্ত্ৰণ জনাইছে । উক্ত সংগীতানুষ্ঠানত ভূপেন হাজৰিকাৰ পৰিয়ালৰ সদস্য আৰু বিশিষ্ট সংগীত শিল্পী মনীষা হাজৰিকা, ময়ূখ হাজৰিকা, অসমীয়া জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি কাকতি, মিশ্মী বসু, দীপশিখা ভৰালী আদিয়ে অংশগ্ৰহণ কৰিব