Sunday, July 6, 2025
Homeৰাজনৈতিকআগন্তুক দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

আগন্তুক দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

ডিজিটেল ডেস্ক,ANEWS24X7: বিজেপিয়ে ২০২২ চনৰ দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰকাশ কৰিছে প্ৰাৰ্থীৰ তালিকা। ২৫০ টা ৱাৰ্ডবিশিষ্ট দিল্লী পৌৰ নিগমৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকাত মুঠ ২৩২ জন সদস্য আছে।

দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অনুমোদনৰ পিছত ২৩২ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হয়। বাকী ১৮ জন প্ৰাৰ্থীক পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে।

দিল্লী পৌৰ নিগম ২০২২ৰ নিৰ্বাচন আগন্তুক ৪ ডিচেম্বৰত অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে, ১১ নৱেম্বৰ তাৰিখ শুক্ৰবাৰে দিল্লী আম আদমী পাৰ্টীয়ে আগন্তুক পৌৰ নিৰ্বাচনৰ বাবে ১৩৪ জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। আপে বাছনি কৰা ১৩৪ জন প্ৰাৰ্থীৰ ভিতৰত ৬৫ গৰাকী মহিলা প্ৰাৰ্থী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments