ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যত অৱসান হ’ব মৌজাদাৰী ব্যৱস্থা। এতিয়াৰে পৰা ৰাজ্যবাসীয়ে নিজৰ মাটিৰ খাজনা মৌজাদাৰক দিয়াৰ পৰিবৰ্তে অনলাইনযোগে আদায় দিব লাগিব। তদুপৰি অহা বছৰৰ ৩১ মাৰ্চৰ পূৰ্বে ৰাজ্যত বন্ধ হ’ব সাধাৰণ দলিলৰ ব্যৱস্থা।
সাধাৰণ মেনুৱেল পাৰ্মিচনৰ পৰিবৰ্তে ৰাজ্যত হ’ব ই ষ্টাম্পিঙ’ৰ ব্যৱস্থা। লগতে মাটিৰ বিক্ৰীৰ ক্ষেত্ৰত ‘মেনুৱেল পাৰ্মিচন’ৰ ব্যৱস্থাৰো বিলুপ্তি কৰিব চৰকাৰে।
মিছন বসুন্ধৰাৰ লগত সংগতি ৰাখিয়ে ৰাজ্য চৰকাৰে ভূমিৰ খাজনা সংগ্রহ, ভূমিৰ বিক্ৰী আদিৰ ক্ষেত্ৰত কেতবোৰ চিৰস্থায়ী, বহনক্ষম আৰু গুৰুত্বপূৰ্ণ সংস্কাৰ আনিব খুজিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়- ‘মাটিৰ খাজনা সংগ্ৰহৰ ক্ষেত্ৰত আমি মৌজাদাৰৰ ভূমিকা নোহোৱা কৰিব খুজিছো। আমি মৌজাদাৰসকলক বেলেগ কাম দিম। খাজনাৰ এটা ‘কমিছন’ আমি তেওঁলোকক দি থাকিম। কিন্তু মানুহে খাজনা অনলাইনযোগে আদায় দিব।’