Thursday, November 7, 2024
Homeঅসমমুখ্যমন্ত্ৰীৰ সমষ্টিত কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰা শক্তি প্ৰদৰ্শন

মুখ্যমন্ত্ৰীৰ সমষ্টিত কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰা শক্তি প্ৰদৰ্শন

ডিজিটেল ডেস্ক,ANEWS24X7: জালুকবাৰীত কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰা শক্তি প্ৰদৰ্শন কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটি সম্পূৰ্ণ সাজু হৈছে। ভাৰতীয় কংগ্ৰেছৰ ১৫০ দিনীয়া ভাৰত জোৰো যাত্ৰাৰ ১ নৱেম্বৰত অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈ যাত্ৰা আৰম্ভ কৰে।

ধুবুৰীৰ গোলকগঞ্জৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ এই যাত্ৰা আজি আহি মুখ্যমন্ত্ৰীৰ সমষ্টিত জালুকবাৰী পাব। এই যাত্ৰাত উপস্থিত থাকিব কংগ্ৰেছৰ বিভিন্ন নেতা–কৰ্মীসকল।

জানিব পৰা মতে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাসহ দলটোৰ নেতা-কৰ্মীসকলে আজি পুৱা সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি আগবঢ়াব।

উল্লেখ্য যে, সমাধিক্ষেত্ৰৰ পাছতেই শুৱালকুছিত কেইবাটাও কাৰ্যসূচী সম্পন্ন কৰিব। মন কৰিবলগীয়া যে, কংগ্ৰেছৰ এই যাত্ৰাত জিতেন্দ্ৰ সিঙৰ লগতে অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নৱাম টুকী তথা মণিপুৰৰ বিৰোধী নেতাইও ভাগ ল’ব। গুৱাহাটী আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰইও কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰাত অংশ ল’ব বুলি দলটোৱে জানিবলৈ পোৱা গৈছে। ইয়াৰোপৰি অৰুণাচল আৰু আন ৰাজ্যৰ ৬০ জন নেতাইও ভাগ ল’ব বুলি জানিব পৰা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments