ডিজিটেল ডেস্ক, ANEWS24X7: শীঘ্ৰে সলনি হ’ব দেশৰ স্মৰ্ট ফোনৰ চাৰ্জাৰ ৷ দেশৰ মোবাইল ফোন ব্যৱহাৰকাৰী সকলে শীঘ্ৰে ব্যৱহাৰ কৰিব লাগিব টাইপ-চি চাৰ্জাৰ।
ইয়াৰ বাবে আৰম্ভ কৰা হৈছে সকলো যাৱতীয় প্ৰস্তুতি ৷ কেন্দ্ৰীয় চৰকাৰৰ নতুন সিদ্ধান্ত অনুসৰি সকলো স্মাৰ্টফোনতে কেৱল ব্যৱহাৰ কৰিব লাগিব টাইপ-চি চাৰ্জিং পোৰ্ট।
এই কথা সদৰি কৰে কেন্দ্ৰীয় উপভোক্তা সচিব ৰোহিত কুমাৰ সিঙে ৷ সিঙে কয় যে ,‘‘ ভাৰততো ইউনিভাৰ্চেল কমন চাৰ্জাৰৰ নিয়ম প্ৰযোজ্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ইয়াৰ ফলত প্ৰতিটো ফোনৰ বাবে কোনো পৃথক চাৰ্জাৰ নাথাকিব।’’