Thursday, November 7, 2024
Homeবিজ্ঞানদেশৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম এছৰ সফল উৎক্ষেপণ

দেশৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম এছৰ সফল উৎক্ষেপণ

ডিজিটেল ডেস্ক, ANEWS24X7: উৎক্ষেপন কৰা হ’ল ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰকেট ৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই শ্ৰীহৰিকোটাৰ পৰা শুক্ৰবাৰে পুৱা ১১.৩০ বজাত উৎক্ষেপন কৰে ৰকেট বিক্ৰম-এছ ৷ স্কাইৰুট এৰোস্পেচ নামৰ প্ৰতিষ্ঠানটোৱে এই ৰকেটটো সাজি উলিয়াইছে। স্কাইৰুট এৰোস্পেচ প্ৰকাশ কৰা মতে ষ্টাৰ্টআপ মিছনটো এটা কাৰিকৰী প্ৰদৰ্শনী অভিযান ।

প্ৰাৰম্ভিক অভিযানত তিনিটা পেলোড বিক্ৰম-এছ ৰকেটত পৃথিৱী পৃষ্ঠৰ পৰা ১২০কিলোমিটাৰ উচ্চতালৈ যাব আৰু তাত স্থাপন কৰা হ’ব। উপকক্ষীয় উৰণৰ লক্ষ্য হৈছে স্কাইৰুটৰ মুখ্য বাহন বিক্ৰম-১-ৰ নিম্ন পৃথিৱীৰ কক্ষপথলৈ যোৱাৰ পথ প্ৰশস্ত কৰা।

উল্লেখ্য যে, স্কাইৰুটে বিক্ৰম ৰকেটৰ তিনিটা পেলোড প্ৰস্তুত কৰা হৈছে । বিক্ৰম-১-য়ে পৃথিৱীৰ নিম্ন কক্ষপথত ৪৮০ কিলোগ্ৰামৰ পেলোড কঢ়িয়াব পাৰে, বিক্ৰম-২-য়ে ৫৯৫ কিলোগ্ৰাম কাৰ্গো কঢ়িয়াব পাৰে। বিক্ৰম-৩ য়ে ৮১৫ কিলোগ্ৰামৰ পৰা ৫০০ কিলোমিটাৰ নিম্ন ইনক্লিনেচন কক্ষপথৰ সৈতে উৎক্ষেপণ কৰিব পাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments