ডিজিটেল ডেস্ক, ANEWS24X7: প্ৰত্যাৱৰ্তন কৰা হ’ব ইউক্ৰেইনৰ দুই বন্দী নাগৰিকক ৷ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ৷ ভাৰত চৰকাৰে দিল্লীস্থিত ইউক্ৰেইন এম্বেছিক হস্তান্তৰ কৰিব এই দুইজন ইউক্ৰেইনৰ নাগৰিকক ৷ নিউ কৰিমগঞ্জ ষ্টেচনত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷
সম্প্ৰতি শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ ট্ৰেনিজট কেম্পত বন্দী হৈ আছে ত্রিশাঞ্চকি ভোলোদাইমাৰ আৰু নাজাৰিল ভইজনিউক নামৰ দুই ইউক্ৰেনিয়ান নাগৰিক ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে বিদেশীদ্বয়ক নিজৰ জিম্মাত লয় গুৱাহাটী পাণ্ডুৰ ৰে’ল আৰক্ষীয়ে।ইয়াৰ পাছতেই দুয়োকে লৈ শিলচৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছে আৰক্ষীৰ এটা বিশেষ দল। দুয়োৰে ঘৰ ইউক্রেইনৰ জিহিবোমিক ৰিজ’নৰ বাৰ্দিশ্বেছ জিলাত।