ডিজিটেল ডেস্ক, ANEWS24X7: নিৰ্বাচনৰ পূৰ্বে গুজৰাট বিজেপিত বিসম্বাদ ৷ টিকটকেন্দ্ৰীক সংঘটাতে এতিয়া গুজৰাট বিজেপিত লৈছে ভয়ংকৰ ৰূপ ৷ গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৩৮ জন বিধায়ক দলীয় টিকটৰ পৰা বঞ্চিত হৈছিল ৷ ইয়াৰে টিকট বঞ্চিত সাত জন বিধায়কে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছিল ৷
ইয়াৰ পিছতে গুজৰাট বিজেপিয়ে এই সকল বিধায়কৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷ দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে এই সাত জন বিধায়কক ছয় বছৰৰ বাবে নিলম্বন কৰিছে ৷ গুজৰাট বিজেপিৰ সভাপতি চি আৰ পাটিলে এক বিবৃতি যোগে সদৰী কৰে এই কথা ৷
নিলম্বন কৰা বিধায়ক কেইজন হ’ল নান্দোদৰ বিধায়ক হৰ্ষদ ভাছাভা ,জুনাগড়ৰৰ বিধায়ক অৰবিন্দ লাদানীক , সুৰেন্দ্ৰনগৰৰ বিধায়ক ধংগদ্ৰাৰ ছত্ৰসিং গুঞ্জৰিয়া, কেতন ভাই পেটেল, ৰাজকোট গ্ৰাম্যৰ বিধায়ক ভাৰত ভাই চাৱদা, উদয় ভাই শ্বাহ আৰু আমৰেলীৰ ৰাজুলাৰ পৰা টিকট বিচৰা কৰণ ভাই বৰাক নিলম্বন কৰা হৈছে।
উল্লেখ্য যে এইবাৰ গুজৰাট বিধানসভা নিৰ্বাচনত ৪২ জন বৰ্তমানৰ বিধায়কৰ টিকট কৰ্তন কৰা হৈছে । বাদ পৰাসকলৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰুপানী আৰু প্ৰাক্তন উপ মুখ্যমন্ত্ৰী নিতিন পেটেল ।