ডিজিটেল ডেস্ক, ANEWS24X7: ২০১৯-২০ আৰু ২০২১ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটাৰ বাবে অসমৰ ৭ গৰাকী শিল্পী নিৰ্বাচন কৰা হৈছে ৷ অংকীয়া ভাওনা, লোক সংগীত আৰু নৃত্যা, সত্ৰীয়া নৃত্য, ব্যাস ওজাপালি, সত্ৰীয়া ওজাপালি, ব্যাস কীৰ্তন, হিন্দুস্তানী বাদ্যযন্ত্ৰীৰ শিল্পী কেইগৰাকী নিৰ্বাচিত হৈছে এই বঁটাৰ বাবে।
সংগীত নাটক অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত শিল্পী সকল ক্ৰমে- গুণীন্দ্ৰ নাথ ওজা ( অংকীয়া ভাওনা) , প্ৰসন্ন গগৈ (লোক সংগীত আৰু নৃত্য), হৰি বৰা ভূঞা (সত্ৰীয়া নৃত্য), ধৰ্মেশ্বৰ নাথ ওজা (ব্যাস ওজাপালি), গুৰু প্ৰসাদ ওজা (সত্ৰীয়া ওজাপালি, ব্যাস কীৰ্ত্তন), মিনতি খাউণ্ড (হিন্দুস্তানী বাদ্যযন্ত্ৰী, ভায়োলিন) আৰু মাখন চন্দ্ৰ বড়া (লোক সংগীত আৰু নৃত্য)।