Thursday, November 7, 2024
Homeঅসমআজি অসম দিৱস

আজি অসম দিৱস

ডিজিটেল ডেস্ক, ANEWS24X7: আজি অসম দিৱস ৷ সমগ্ৰ ৰাজ্যজুৰি ইতিহাস প্ৰসিদ্ধ ৬০০ বছৰীয়া আহোম ৰাজ্যৰ প্ৰথমগৰাকী স্বৰ্গদেউ চাওলুং চ্যুকাফাক স্মৰণ কৰি পালন কৰা হৈছে অসম দিৱস ৷ বৰ অসমৰ ভেঁটি গঢ়োতা এই মহান ৰজাগৰাকীৰ স্মৃতিত প্ৰতিবছৰে ২ ডিচেম্বৰত দিনটোত পালন কৰা হয় অসম দিৱস হিচাপে ৷

১২২৮ খৃষ্টাব্দৰ আজিৰ দিনটোতেই বৰ অসমৰ ভেঁটি গঢ়োতা চাওলুং চুকাফাই পাটকাই পৰ্বত হৈ অসমত প্ৰৱেশ কৰিছিল। আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি ১২৫৩ খৃষ্টাব্দত চৰাইদেউত প্ৰথম ৰাজধানী প্ৰতিষ্ঠা কৰে ৷ স্বৰ্গদেউ চাওলুং চুকাফাৰ বীৰত্ব আৰু বিচক্ষণতাৰে বিশাল আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসমৰ ভেটি গঢ় দিছিল ৷এই গৰাকী মহান স্বৰ্গদেউৰ আদৰ্শ আৰু বিশাল মানসিকতাৰ বাবেই সমগ্ৰ বিশ্বতে অসমীয়া এটা সুকীয়া স্বাভিমানী জাতি হিচাপে মূৰ দাঙি থাকিবলৈ সক্ষম হৈছে।

আহোমসকল সৌমাৰত উপস্থিত হোৱাৰ দিন ২ ডিচেম্বৰক চ্যুকাফা দিৱস বা অসম দিৱস হিচাপে পালন কৰা হয় । এই ঐতিহাসিক দিনটো চিৰস্মৰণীয় কৰি ৰখোৱাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিৰ প্ৰচেষ্টাত ১৯৭২ চনত ২ ডিচেম্বৰত চ্যুকাফা দিৱস হিচাপে উদযাপন কৰা হৈছিল ৷ এইয়াই আছিল চ্যুকাফা দিৱসৰ আৰম্ভণি ৷

পৰবৰ্তী সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চ্যুকাফা দিৱস পালন কৰা হয় ৷ ১৯৮১ চনত শিৱসাগৰ জিলাৰ চৰাইদেউত চ্যুকাফা দিৱস পালন কৰা হয় আৰু তেতিয়াই ৰাজ্যৰ কেইবাটাও জাতীয় দল সংগঠনে এই দিনটোক ‘চ্যুকাফা দিৱস’ হিচাপে স্বীকৃতি দিবৰ বাবে দাবী উত্থাপন কৰে ৷

১৯৮৭ চনত ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত ২ ডিচেম্বৰ দিনটোত জ’জ খেলপথাৰত চৰকাৰী ভাৱে চ্যুকাফা দিৱস পালন কৰা হয় ৷ চ্যুকাফা দিৱসৰ কাৰ্যসূচীতে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চ্যুকাফা দিৱসক ‘অসম দিৱস’ হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰিছিল

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments