ডিজিটেল ডেস্ক, ANEWS24X7:পুনৰ চৰ্চাত উদ্যোগপতি ইলন মাস্ক ৷ আশ্চৰ্যজনক দাবী কৰি চৰ্চাত এইবাৰ ইলন মাস্ক ৷ ছয় মাহৰ ভিতৰত এটা নতুন চমক দিবলৈ সাজু মাস্ক ৷ তেওঁৰ কোম্পানী নিউৰোলিংকে মানুহৰ মগজুত মুদ্ৰা আকৃতিৰ চিপ সংৰোপণ কৰিব ৷ ৰোগী সকলৰ মগজুত সংৰোপণ কৰা হ’ব এই চিপ ৷ ইয়াৰ জৰিয়তে মানুহৰ মগজু কম্পিউটাৰৰ সৈতে সংযোগ কৰিব পাৰিব ৷
ইলন মাস্কৰ এই দাবীয়ে সমগ্ৰ বিশ্বতে স্বাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মাস্কে বুধবাৰে সন্ধিয়া নিউৰোলিংকত এটা অনুষ্ঠানত ভাষণ দি এই কথা ঘোষণা কৰে । তেওঁ কয় যে ,‘‘এই চিপটো প্ৰয়োগ কৰাৰ আঁৰৰ প্ৰাথমিক লক্ষ্য হৈছে দৃষ্টিহীন আৰু পক্ষাঘাতগ্ৰস্তসকলৰ চিকিৎসা কৰা। ইয়াৰ সহায়ত জন্মতে অন্ধসকলকো তেওঁলোকৰ দৃষ্টি ঘুৰাই দিব পৰা যাব। পক্ষাঘাতত ভুগি থকা লোকসকলকো আৰোগ্য কৰিব পৰা যাব।’’
অৱশ্যে ইলন মাস্কৰ এই দাবী প্ৰথম নহয় ৷ ইয়াৰ পূৰ্বেও তেওঁ এনে এটা দাবী কৰিছিল ৷ ২০২১ চনত দুটা বান্দৰৰ মগজুত চিপ সংৰোপণ কৰি পৰীক্ষা-নিৰীক্ষা চলাইছিল ৷
এই সন্দৰ্ভত এটা ভিডিঅ’ স্বেয়াৰ কৰিছিল ৷দীৰ্ঘদিনধৰি ইলন মাস্কৰ প্ৰতিষ্ঠান নিউৰোলিংকে মানুহৰ মগজুত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ ওপৰত কাম কৰি আছে